
বাইহাটা চাৰিআলিঃ একাংশ চালকে ৰাজ পথত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে কামৰূপ জিলাৰ চাংসাৰিত৷ চালকৰ অতপালিত নিতৌ সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা৷ বৃহস্পতিবাৰে চাংসাৰিত পথ দুৰ্ঘটনাত কলেজীয়া ছাত্ৰ সহ আন দুগৰাকী লোক গুৰুত্বৰভাৱে আহত হোৱাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।
কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে ঘটনাৰ প্ৰতিবাদত ৰাজপথ অৱৰোধ কৰি আৰক্ষীৰ বিৰুদ্ধে ক্ষোভিত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ ফলত শ-শ লোকে যান-জঁটত পৰি ৰোগী ক্ষুদ্ৰ ব্যৱসায়ী আদি অনাহকতে হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয়।
বৃহস্পতিবাৰে পুৱাৰ ভাগত চাংসাৰি থানাৰ অন্তৰ্গত চাংসাৰি চ’কত এএচ-০১-এফচি-৫৭৪৭ নম্বৰৰ যাত্ৰীবাহী মেক্সিম খনে এজন কলেজীয়া ছাত্ৰ সহ আল্ট্ৰা বাছ এখনৰ কৰ্মচাৰীক মহটিয়াই নিয়ে৷ দুয়োজনে গুৰুত্বভাৱে আঘাত প্ৰাপ্ত হয়। শৰাইঘাট মহাবিদ্যালয়ৰ ছাত্ৰ তথা একেখন থানাৰ অন্তৰ্গত ডোৰাকহৰাৰ গোপী ধিংৰ পুত্ৰ চম্পক ধিং আৰু ৰঙিয়া থানাৰ অন্তৰ্গত প্ৰয়াত ৰস্তুম আলীৰ পুত্ৰ বিতু আলী বুলি গুৰুতৰ ভাবে আহত হয়।
অকল এয়াই নহয় মেক্সিম চালকজনে তীব্ৰ গতিত বাহনখন চলোৱাৰ ফলত যাত্ৰীসকলো কম বেছি পৰিমাণে আঘাত প্ৰাপ্ত হয়৷ ইয়াৰে এগৰাকী যাত্ৰীয়ে চিকিৎসালয়ত প্ৰাণ হেৰুৱাই। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে মেক্সিম খন পথত এৰি চালকজনে পলায়ন কৰে৷