
বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙত উদ্ধাৰ হ’ল এক ট্ৰাক চৰকাৰী ঔষধ৷ কাৰ্বি আংলং জিলাৰ মাজৰে পাৰ হৈ যোৱা ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ চোৰ-ডকাইতৰ কৰিড'ৰ হিচাপে পৰিগণিত হোৱাৰ সময়তে এখন ঔষধ ভৰ্তি ট্ৰাক সহ দুজন যুৱক আৰক্ষীৰ জালত পৰে৷
ৰাষ্ট্ৰীয় ঘাইপথটোৰে চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰলৈ চোৰে ৰাজ্য তথা দেশৰ বিভিন্ন স্থানৰ পৰা চুৰি কৰি অনা দুচকীয়া, চাৰিচকীয়া আদি বাহনসমূহ বিক্ৰীৰ বাবে লৈ যায়৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চুৰি কৰি নিয়া বহু গাড়ী ধৰা পৰিছে বোকাজান মহকুমাৰ অন্তৰ্গত খটখটি আৰক্ষী থানাৰ নাকা তালাচীত৷
খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাই দায়িত্বভাৰ গ্ৰহণ কৰাৰে পৰাই বহু কোটি টকাৰ বিলাসী চুৰি গাড়ী, মটৰচাইকেলৰ লগতে বহু চুৰি সামগ্ৰী উদ্ধাৰ কৰি বৃহৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ সময়তে বৃহস্পতিবাৰৰ নিশাও আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত খটখটি আৰক্ষীয়ে ডব্লিউ বি-৪১-ই-৭২১০ নম্বৰৰ এখন দহচকীয়া গাড়ীসহ দুই চোৰক আটক কৰিবলৈ সক্ষম হয়৷
ডব্লিউ বি-৪১-ই-৭২১০ নম্বৰৰ ট্ৰাকখনে পশ্চিমবংগৰ পৰা চৰকাৰীভাৱে যোগান ধৰা ঔষধ ভৰ্তি কৰি তিনিচুকীয়ালৈ আহি আছিল৷ কিন্তু তিনিচুকীয়ালৈ গৈ থকা ভৰ্তি ট্ৰাকখন বোকাজান মহকুমাৰ অসম-নগালেণ্ড সীমান্তৰ লাহৰিজানৰ ৰিমঝিম হোটেলৰ সন্মুখত পাৰ্কিং কৰে দুজন লোকে৷ সেই সময়ত পশ্চিমবংগৰ উক্ত ট্ৰাকখনৰ গৰাকীৰ আন এখন ট্ৰাক সামগ্ৰী ভৰ্তি কৰি লাহৰিজানৰ উক্ত স্থানতে পাৰ্কিং কৰি থোৱাই আছিল৷
ট্ৰাকখনৰ চালক-হেণ্ডিমেনে তেওঁলোকৰ মালিকক ফোন যোগে ট্ৰাকখন ডিমাপুৰলৈ কিবা সামগ্ৰী আনিছে নেকি বুলি সোধাত মালিকে ট্ৰাকখন ঔষধ ভৰ্তি কৰি তিনিচুকীয়ালৈ গৈ থকাৰ কথা জানিবলৈ দিয়ে৷ ট্ৰাক খন চুৰি কৰি কোনো লোকে অসম-নগালেণ্ড সীমান্তৰ লাহৰিজানলৈ অনা বুলি থিৰাং হোৱাৰ লগে লগে খটখটি আৰক্ষীৰ সৈতে যোগাযোগ কৰে আন খন ট্ৰাকৰ চালকে৷
খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাই ট্ৰাকখনৰ লগতে চালক-হেণ্ডিমেন সহ আটক কৰি থানালৈ লৈ আহে৷ আটকাধীন চালক হেণ্ডিমেনে ক্ৰমে মণিপুৰ ৰাজ্যৰ বিষ্ণুপুৰৰ আব্দুল নুৰৰ পুত্ৰ আব্দুল লটিফ (৩১) আৰু নগালেণ্ডৰ ডিমাপুৰৰ ইউনাইটেড চাৰিমাইলৰ বাসিন্দা পাউল পটিৰ পুত্ৰ আছাখু পটি (২২) বুলি জানিব পৰা যায়৷
আৰক্ষীৰ জেৰাত ধৃত চালক-হেণ্ডিমেনে প্ৰকৃত চালক-হেণ্ডিমেন নহয় বুলি জানিবলৈ দিয়ে৷ গাড়ীখনৰ প্ৰকৃত চালকে তেওঁলোকক বোকাজানৰ শুকানজানৰ পৰা ট্ৰাকখন ডিমাপুৰলৈকে পাৰ কৰি দিয়াৰ বিনিময়ত ২০০০ টকা দিছিল বুলিও জানিবলৈ দিয়ে৷
খটখটি আৰক্ষীয়ে সাংবাদিকক জানিবলৈ দিয়া মতে এই ট্ৰকাখনৰ প্ৰকৃত চালক উক্ত ঘটনাৰ সৈতে জড়িত অথবা প্ৰকৃত চালক-হেণ্ডিমেনক হত্যা কৰি পেলাই থৈ আহিছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷ খটখটি আৰক্ষীয়ে ইতিমধ্যে অধিক তথ্যৰ বাবে চালক-হেণ্ডিমেনক জেৰা অব্যাহত ৰাখিছে ৷