লাহোৱালঃ কবি, নিৱন্ধকাৰ, নাট্যকাৰ প্ৰদীপ কুমাৰ কছাৰী বৰুৱাক "কাব্যশ্রী" বঁটা প্ৰদান কৰাত উৎফুল্লীত হৈ পৰিছে ডিব্ৰুগড় জিলা লাহোৱাল বিধানসভা সমষ্টিৰ মদাৰখাত অঞ্চলৰ ৰাইজ৷

ডিব্ৰুগড় জিলা লাহোৱাল বিধানসভা সমষ্টিৰ মদাৰখাত মৌজাৰ অন্তৰ্গত ৰংপুৰীয়াৰ বাসিন্দা তথা ঘোঁৰামৰা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত কৃতী শিক্ষক প্ৰদীপ কুমাৰ কছাৰী বৰুৱাক ২৮ অক্টোৱৰত গুৱাহাটী নুনমাটিৰ সৃষ্টি পদাতিকে এই বঁটা প্ৰদান কৰে৷

মদাৰখাত অঞ্চলৰ এই বঁটা লাভ কৰা প্ৰথম গৰাকী কবি, সাহিত্যিক। মদাৰখাত অঞ্চল বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনে কাব্যশ্রী বঁটা প্ৰাপক প্ৰদীপ কছাৰী বৰুৱাক শুভেচ্ছা যাচে৷ তেও অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা বুলি কয় দল-সংগঠনে৷

তেও ৰচনা কৰা কবিতা, শিশুনাট, প্ৰৱন্ধই পাঠক সমাজৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। ২৮ অক্টোৱৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰদীপ কছাৰী বৰুৱা মদাৰখাত শাখা সাহিত্য সভাকে ধৰি বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছে।