04
Nov
2017

ডিমাকুছিঃ ওদালগুৰি জিলাৰ ঔৰংগাজুলী-টংলা গড়কাপ্তানী পথত পথ দুৰ্ঘটনা সংঘটিত হৈ এজন লোকৰ মৃত্যু হয়৷ জানিব পৰা মতে, পানেৰী থানাৰ অন্তৰ্গত ঔৰংগাজুলিত ঔৰংগাজুলী-টংলা পথত এখন তীব্ৰবেগী ট্ৰাকে পথৰ দাঁতিৰে গৈ থকা সজন গোৱালা নামৰ শ্ৰমিক জনক খুন্দা মাৰে৷ ফলত থিতাতে নিহত হয় ঔৰংগাজুলী চাহ বাগিচাৰ শ্ৰমিকজন।
দুৰ্ঘটনা সংঘটিত কৰাত AS-01-H-7381 নম্বৰৰ ট্ৰাক খনক ৰাইজে আৱদ্ধ কৰাত এক উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয়। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। পথটোত এটাৰ পিছত আনটো ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ অহাত শংকিত হৈ পৰিছে ৰাইজ৷