
নলবাৰীঃ শাসকীয় দল বিজেপিয়ে নলবাৰীৰ বালিলেছা কালি মন্দিৰ বাকৰিত দেওবাৰে এখন সাংগঠনিক সভা অনুষ্ঠিত হয়৷ পূৱ নলবাৰী মণ্ডল বিজেপিৰ সভাপতি জয়ৰাম বৰ্মনৰ সভাপতিত্ব অনুষ্ঠিত সভাৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক ভূপেন ডেকাই। নলবাৰী জিলা বিজেপিৰ সাধাৰণ সম্পাদক নিতুল ডেকাই আতঁ ধৰা সভাত স্থানীয় বিধায়ক অশোক কুমাৰ শৰ্মা, জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা উপস্থিত থাকে।
বিধায়ক অশোক কুমাৰ শৰ্মাই ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰৰ অহাৰ পিছত ৰাজ্যৰ লগতে নলবাৰীৰ বহুত খিনি পৰিবৰ্তন আহিছে বুলি কয়। বিজেপিয়ে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি সমূহ পূৰণ কৰাৰ বাবে আগবাঢ়িছে। আমিও এজন বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত নলবাৰী সমষ্টিৰ উন্নয়নকে লক্ষ্য হিচাপে লৈছো। কিন্তু ধৈৰ্য ধৰিব লাগিব। একেলগে সকলো কৰাটো সম্ভৱ নহয়। ভাষন প্ৰসংগত বিধায়ক গৰাকীয়ে কয়-পঞ্চায়ত নিৰ্বাচন সমাগত।
এইবেলি নলবাৰীৰ সমূহ পঞ্চায়ত আমি দখল কৰিব লাগিব। তাৰ বাবে এতিয়াৰ পৰাই দলীয় কৰ্মী সকলে কাম কাজত লাগক। কিয়নো কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচন পাতিলে যদিও এচাম কংগ্ৰেছীৰ বাহিৰে ৰাইজৰ উপকাৰ নহল বুলি বিধায়ক অশোকে। সভাত জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাই বিজেপিয়ে ৰাইজৰ কাম কৰিব ওলাই আহিছে বুলি কায়।
যাৰ বাবে যোৱা বিধানসভা নিৰ্বাচনত ৰাইজে কংগ্ৰেছক বিদায় দি বিজেপিক আদৰি লৈছে। কংগ্ৰেছে বৰ্তমান হতাশাত ভুগি বিজেপিৰ বিৰুদ্ধে অপ্ৰচাৰত নামিছে। কংগ্ৰেছৰ ভুৱাবাজি কথালৈ কাণ নিদি দলক শক্তিশালী কৰাৰ বাবে কৰ্মী সকলে কাম কাজ কৰক। পঞ্চায়ত নিৰ্বাচন আহি আছে। এই নিৰ্বাচন গঞা ৰাইজৰ বাবে বহুত গুৰুত্বপূৰ্ণ।
আমি সকলোৱে এতিয়াৰ পৰা অৰ্থাৎ প্ৰতিজন দলীয় কৰ্মী দলৰ ভেটি মজবুত কৰাত মনোনিবেশ কৰিব লাগে। যাতে নলবাৰী সমষ্টিৰ এখনো জিলা পৰিষদ, পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আনে দখল কৰিব নোৱাৰে। সভাত ৰাজ্যিক সদস্য প্ৰতুল কলিতা, জিলা বিজেপিৰ উপ-সভাপতি অপূৰ্ব শৰ্মা, সম্পাদক তৌফিকুল হক চৌধুৰী, অবিচি মৰ্চাৰ জিলা সভাপতি ধনমণি দাস, মণ্ডল সাধাৰণ সম্পাদক খগেন ডেকা, কোষাধ্যক্ষ কিশোৰ কলিতা সহ কেবাশতাধিক লোক উপস্থিত থাকে।