07
Nov
2017

ৰঙিয়াঃ চিকিৎসকৰ সমস্যা সন্দৰ্ভত সততে সক্ৰিয় ভূমিকা পালন কৰি অহা ৰাজ্যৰ চিকিৎসকৰ সংগঠন অসম চিকিৎসা সেৱা সন্থাৰ এখন বিশেষ সভা সোমবাৰে ৰঙিয়াত অনুষ্ঠিত হৈ যায়৷ সংগঠনটোৰ প্ৰতিষ্ঠা দিৱৰ লগত সংগতি অনুষ্ঠিত কৰা সভা খন ৰঙিয়া অসামৰিক চিকিৎসালত অনুষ্ঠিত হয়।
ৰঙিয়া আমছাৰৰ সভাপতি তথা ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডাঃ দীলিপ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত সভাত আমছাৰ ৰাজ্যিক কাৰ্য্যকৰী সভাপতি ৰাজীৱ বৰবৰা উপস্থিত থাকি আমছাৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে বাখ্যা আগবঢ়ায়।
আনহাতে মহকুমাটোৰ কেইবাখনো চিকিৎসালয়ৰ চিকিৎসক উপস্থিত থাকে সভাখনত৷ আমছাৰ প্ৰাক্তন সভাপতি ডাঃ চন্দ্ৰধৰ ডেকাৰ লগতে ডাঃ নগেন দাসক সম্ভৰ্ধনা জনোৱ হয়। কাৰ্যসূচীৰ প্ৰাক মূহুৰ্তত সংগঠনটোৰ সভাপতি ডাঃ দীলিপ বৈশ্যই আমছাৰ পতাকা উত্তোলন কৰে।