গুৱাহাটীঃ কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া শাসনৰ সময়ৰ পৰা বিজেপিৰ ১৭ মহীয়া চৰকাৰৰ সময়লৈকে দুৰ্নীতি তথা অনীতিৰ বিৰুদ্ধে তীব্ৰ সংগ্ৰাম কৰি অহা কৃষক নেতা বৰ্তমান জেলত৷ সততে ৰাজ্যৰ প্ৰতিটো সমস্যা তথা চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে অতন্দ্ৰ প্ৰহৰীৰ দৰে সংগ্ৰাম কৰি অহা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰ কৰি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ খনে অখিলক জেলত আবদ্ধ কৰি ৰাখে৷

ডিব্ৰুগড় জিলা আৰক্ষীয়ে গোলাঘাটৰ নিজ গৃহৰ পৰা প্ৰায় দুমাহ পূৰ্বে কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰে৷ কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰা পিছতে প্ৰতিদিনে উত্তাল হৈ পৰিছিল ৰাজ্য৷ ৰাজ্যৰ একাংশ দল-সংগঠনে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰতিদিনে৷ অখিলক মুক্তি দিয়াৰ দাবীত দল-সংগঠনে প্ৰতিবাদ জনাই অহাৰ সময়তে গৃহ বিভাগে অখিল গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ জাপি দি পুনৰ আটক কৰে অখিলক৷

এই আইন জাপি দিয়াৰ পিছতে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ ৰাজ্যৰ গৃহ বিভাগে কৃষক নেতা অখিল গগৈক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আটক কৰিয়ে ক্ষান্ত নাথাকি NSAত জাপি দিয়াত ৰাজ্যজুৰি আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে৷ ৰাজ্যৰ কেবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপি নেতৃত্বাধীন মিত্ৰ জোঁটৰ চৰকাৰৰ বিৰুদ্ধে৷ বিজেপি চৰকাৰৰ এনে সিন্দান্তৰ বিৰুদ্ধে গুজুৰি উঠে দল-সংগঠন৷ এজন নেতাক এনে ব্যৱহাৰ কৰাত ক্ষোভ ব্যক্ত কৰে জাতীয়-জনগোষ্ঠীয় সংগঠনে৷

উজনি অসমৰ জনগোষ্ঠীয় সংগঠন অসমৰ জাতী-ভেটি-মাটিৰ কথা কৈ শাসনলৈ অহা সৰ্বানন্দ-হিমন্তৰ চৰকাৰ খনে অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰি নিজৰ ব্যৰ্থতা ঢাকিবলৈ চেষ্টা কৰা বুলি কৈছিল। অসমৰ প্ৰতিবাদী সত্বাক ধবংস কৰাৰ চক্ৰান্ত কৰা বুলি অভিযোগ উত্থাপন হৈছিল সোণোৱাল চৰকাৰৰ বিৰুদ্ধে৷ তাৰ মাজতে বুধবাৰে কৃষক নেতা অখিল গগৈয়ে ডিব্ৰুগড় আদালত চৌহদত তথা দণ্ডাধীশৰ কাৰ্যালয়ত অখিল গগৈয়ে সতীৰ্থ ধৈৰ্যৰ কোঁৱৰৰ জৰিয়তে অসমবাসীলৈ বাৰ্তা প্ৰেৰণ কৰে৷

আদালত চৌহদত বহু সময় ৰাজ্য খনৰ সকলো পৰিস্থিতি তথা সমস্যা সন্দৰ্ভত বুজ লয় চিন্তা ব্যক্ত কৰে অখিল গগৈয়ে৷ সতীৰ্থ কোঁৱৰৰ সন্মুখত কিছু বিষয়ত চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰাৰ লগতে আবেগিক হৈ পৰা বুলিও জানিব পৰা যায়৷ অখিলে সতীৰ্থৰ জড়িয়তে প্ৰথমে শ্ৰদ্ধা জ্ঞাপন কৰে অসমবাসীক৷ অখিললে কয় "ৰাইজ, NRC অসমীয়া জাতিৰ জাতীয় স্বপ্ন। মই সেই সপোন লৈ কাৰাগাৰত কটাইছোঁ। ৩১ ডিচেম্বৰৰ পূৰ্বে মই কাৰাগৰৰ পৰা ওলাব খোজো, যাতে অসমীয়া জাতিৰ স্বপ্ন পূৰণৰ মুৰ্তহূৰ সাক্ষী হ'ব পাৰো''।

কেৱল ইমানে সতীৰ্থৰ জড়িয়তে ৰাইদৰ বাবে প্ৰেৰণ কৰা বাৰ্তাত ইতিহাসৰ কথা উনুকিয়াই অখিলে আৰু কয় ''১৯০৯ চনত মাণিক চন্দ্ৰ বৰুৱাই প্ৰথমখন "পূৰ্ব বংগ আৰু অসম বিধান পৰিষদ"ত অসমলৈ অনা অসমীয়া প্ৰবজনৰ বিষয়টো উত্থাপন কৰিছিল। তেতিয়াৰ পৰা প্ৰবজনৰ বিৰুদ্ধে অসমবাসীৰ দীৰ্ঘদিনীয়া ক্ষোভেৰে যুক্তিসন্মত পৰিণতি প্ৰথম প্ৰাথমিক মূল কাম এটা হ'ল NRC প্ৰস্তুতৰ জৰিয়তে। NRC প্ৰস্তুতে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া খৰতকীয়া কৰিব। সংশয়, সন্দেহ, সংঘাত দূৰ কৰিব আৰু জাতীয় ঐক্য সুদৃঢ় কৰিব। বিদেশী সমস্যাটো সমাধানৰ বাবে ই এক সুদৃঢ় ভেটি হ'ব''।

NRCয়ে স্বদেশী আৰু বিদেশী পৃথক কৰি দিব বুলি কৈ NRC প্ৰস্তুত হোৱাৰ ৬ মাহৰ ভিতৰত সকলো অসমীয়াক পৰিচয় পত্ৰ দিব লাগে বুলিও দাবী কৰে অখিলে। যাৰ NRC পৰিচয় পত্ৰ নাই, তেও হ'ল বিদেশী (বা-বহিৰাগত)। পৰিচয় পত্ৰ সমূহ ডিজিটেল পদ্ধতিত কৰি নকল ধৰিব পৰা কৰিব লাগে আৰু প্ৰতিটো কামৰ বাবে NRCৰ পৰিচয় পত্ৰ বাধ্যতামূলক কৰিব লাগে বুলিও যুক্তি প্ৰদৰ্শন কৰে। NRCত নাম নথকাসকলক মাটি বাৰী আৰু সকলো চৰকাৰী সুবিধা কৰ্তন কৰিব লাগিব বুলি কৈ অখিলে NRCত নাম নথকাসকলক অসমৰ পৰা বহিস্কাৰ কৰিবলৈ বাংলাদেশ, নেপাল নতুবা অন্য ৰাষ্ট্ৰক প্ৰত্যাৰ্পণ চুক্তি সাধন কৰিব লাগে বুলি কয়।

গতিকে, দ্বিতীয় পৰ্যায়ত হ'ব ভাৰত চৰকাৰক এই চুক্তি কৰিবলৈ বাধ্য কৰোৱা। এই ক্ষেত্ৰটো উচ্চতম ন্যায়ালয়ৰ ওপৰত ভৰসা কৰাটো অধিক ফলপ্ৰসূ হ'ব বুলি কয় অখিলে। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত অবৈধ বিদেশীসকলক অসমৰ পৰা বিদায় দিব লাগিব আৰু নতুনকৈ যাতে এজনো বিদেশী আহিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আদালতৰ ভিতৰত প্ৰকাশ কৰে অখিলে।

অখিলে আৰু কয় ''আমি NRCৰ কামত বাধা দিব বিচৰা সকলো পক্ষক কঠোৰভাৱে সকীয়াই দিছোঁ। RSS-বিজেপিৰ দৰে সকলো সাম্প্ৰদায়িক শক্তিৰ পৰা ৰাইজ সজাগ হৈ থাকক। অযথা জটিলতা দূৰ কৰক৷ NRC প্ৰস্তুতকৰণত উচ্চতম ন্যায়ালয়ৰ বাহিৰে আন কাৰোৰে বিশেষ কৰ্তৃত্ব নাই। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত, উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত এই কাম চলি আছে আৰু সেইবাবে ই যুক্তিসংগত সমাপ্তিৰ পিনে আগবাঢ়িছে। চৰকাৰ নতুবা ৰাজনৈতিক দলৰ প্ৰভাৱ নথকাৰ বাবেহে NRC সম্পন্ন হ'ব। NRC দুটা খণ্ডত নহয়, এটা খণ্ডত প্ৰকাশ কৰক। কাৰণ, ১৫ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে OI সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত দিব। গতিকে ৪৭ লাখ পঞ্চায়ত নথি বিতৰ্ক ওৰ পৰিব। NRC এটা খণ্ডত প্ৰকাশে পৰৱৰ্তী সময়ত বিদেশী বহিষ্কাৰণত অধিক ফলপ্ৰসু কৰাত সহায় কৰিব। আমাৰ আহ্বান-NRC প্ৰস্তুতৰ সমগ্ৰ প্ৰক্ৰিয়াটোত কাকো হস্তক্ষেপ নকৰিবলৈ আহ্বান জনাওঁ আৰু প্ৰক্ৰিয়াটো সফল সমাপ্তি নোহোৱালৈকে কোনেও উত্তেজনা সৃষ্টি নকৰিব।''

শেষত অখিলে বিনম্ৰ প্ৰাৰ্থনা জনায় NRCক বাধা প্ৰদান নকৰি কবলগীয়া থাকিলে কেৱল ন্যায়ালয়লৈ যোৱাৰ আহ্বান জনায়৷ অন্য কোনো পন্থা হাতত নল'ব বুলিও কয় কৃষক নেতা অখিল গগৈয়ে৷