ফাইল ফটো
ফাইল ফটো

গুৱাহাটীঃ বহু আকাংক্ষাৰ GST সন্দৰ্ভত ইতিমধ্যে বিজেপি চৰকাৰে ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে৷ তাৰ মাজতে বহু চৰ্চিত GST পৰিষদৰ বৈঠক বৃহস্পতিবাৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হৈছে৷

ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত অনুষ্ঠিত হৈছে এই বৈঠক৷ GST পৰিষদৰ বৈঠকে উত্তৰ পূৰ্বাঞ্চলত নতুন অধ্যায়ৰ সূচনা কৰিব বুলি কব খোজে বিজেপি চৰকাৰে৷ দেশৰ কেইবাখনো ৰাজ্যৰ বহু বিষয়া তথা ৰাজ্য চৰকাৰৰ বহু বিষয়াৰ উপস্থিতিত এই বৈঠক অনুষ্ঠিত হৈছে বুলি জানিব পৰা গৈছে৷

মহানগৰীৰ পঞ্চতাৰকা হোটেল ৰেডিছন ব্লুত অনুষ্ঠিত হোৱা GST পৰিষদৰ বৈঠকত বৃহস্পতিবাৰে পুৱাই অথন্তৰ লাগে৷ কিয়নো এই বৈঠকৰ তীব্ৰ বিৰোধিতা কৰে কংগ্ৰেছে৷

কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীয়ে পুৱাই ৰেডিছন ব্লু-হোটেলৰ সন্মুখত উপস্থিত হৈ GST পৰিষদৰ বৈঠকৰ বিৰুদ্ধাচৰণ কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধি দলপতি দেবব্ৰত শইকীয়া সহ কংগ্ৰেছৰ কেইবাগৰাকী নেতা উপস্থিত থাকে প্ৰতিবাদত।আৰক্ষীয়ে আটাইকেইগৰাকী নেতাক বশিষ্ঠ থানালৈ নিয়ে আৰক্ষীয়ে।

বহু কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ কৰাৰ সময়তে আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীসকলক আতৰাই নিবলৈ সক্ষম হয়৷ GST-এ দেশৰ ব্যৱসায়, উদ্যোগ, চাকৰি ধ্বংস কৰা বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছ কৰ্মীসকলে৷ শুকুৰবাৰে GST পৰিষদৰ বৈঠকত দেশৰ বিত্তমন্ত্ৰী অৰুণ জেটলী সহ দেশৰ প্ৰায় ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী উপস্থিত থাকিব৷