কামপুৰঃ নগাঁৱত এতিয়া প্ৰতিদিনে সংঘটিত হ'ব ধৰিছে হৰস্যজনক হত্যা কাণ্ড। হত্যাকাণ্ড সংঘটিত কৰাৰ বাবে নগাঁও জিলাখন যেন হৈ পৰিছে দুষ্কৃতিকাৰীৰ বাবে ৰম্য ভূমি৷ ইটোৰ পিছত সিটোকৈ উদ্ধাৰ হৈছে মৃতদেহ৷ চাৰিদিন পূৰ্বে গাড়ী চালক গোপাল দাসৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত বৃহস্পতিবাৰে উদ্ধাৰ হ’য় আন এটা মৃতদেহ ৷ নগাঁও জিলাৰ কঠিয়াতলীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।

কঠিয়াতলীৰ এখন ব্যক্তিগত বিদ্যালয়ৰ পাছফালে থকা ধাননি পথাৰত ডিঙি কটা অৱস্থাত এজন লোকক উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উদ্ধাৰ হোৱা লোকজন বৰ্তমানলৈ জীৱিত আছে যদিও অতি সংকট জনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়৷ 

ব্যবসায়ী জন কঠিয়াতলীৰ ব্যৱসায়ী মনোৰঞ্জন নন্দী বুলি চিনাক্ত কৰিছে স্থানীয় লোকে৷ ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে যোৱা নিশা মনোৰঞ্জনে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ঘৰলৈ যোৱাৰ পাছৰ পৰাই নিখোঁজ হৈ আছিল।