বিহুগুৰিঃ ৰাজ্যত প্ৰতিদিনে সংঘটিত কিছুমান ঘটনাই সভ্য সমাজক লজ্জানত কৰে৷ যি ঘটনাই সভ্য সমাজক লজ্জানত কৰাই নহয় মানৱতাক ভুলুন্ঠিত কৰে৷ যোৱা ১০টা দিনৰ ভিতৰত শোণিতপুৰ জিলাত সংঘটিত হোৱা কেইটামান ঘটনাই চিন্তিত কৰি তুলিছে সচেতন নাগৰিকক৷ যিবোৰ ঘটনাই শংকিত কৰি তুলিছে মানুহক৷ মানুহে মানুহক ভাল পাব লাগে যদিও একাশ মানুহ হিংস্ৰ হৈ পৰা দেখা যায়৷

তাৰ মাজতে শোণিতপুৰত যোৱা কিছুদিনৰ ভিতৰত সংঘটিত তিনিটা ঘটনাই চাঞ্চল্যৰ সৃষ্টি হয়৷ কিয়নো এই ঘটনাৰ বলি হৈছিল কিশোৰ-কিশোৰী৷ খৰি বিছাৰি গৈ ধৰ্ষণৰ বলি হৈছিল এগৰাকী ১১ বছৰীয়া কিশোৰী ৷ কিশোৰীগৰাকীক হত্যা কৰি গাতত পুতি থৈছিল৷ তাৰ পিছতে এতি কিশোৰীক স্কুলৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত চাহ বাগিচাৰ মাজলৈ নি হত্যা কৰিছিল কণমানি ছাত্ৰক৷ ২ নৱেম্বৰত ঢেকীয়াজুলিত সংঘটিত হ'য় এই হৃদয় বিদাৰক ঘটনা৷

তৃতীয় শ্ৰেণীৰ এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি ঢেকীয়াজুলি চাহ বাগিচাৰ চিৰাজুলি লাইনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল৷ উলংগ অৱস্থাত উদ্ধাৰ হোৱা মুন্না কৰ্মকাৰ নামৰ ছাত্ৰজনক যৌন নিৰ্যাতন চলাই, দিঙি চেপি নৃশংস ভাবে হত্যা কৰাৰ সন্দেহ কৰিছিল স্থানীয় ৰাইজে৷ বিদ্যালয় চুটি হোৱাৰ পাছত মুন্না কৰ্মকাৰ নামৰ ছাত্রজনে নিজ ঘৰ অভিমুখে আহি থকা অৱস্থাত কোনো আদ বয়সীয়া এজন লোকে ছাত্রগৰাকীক চাইকেলত উঠাই নি হত্যা কৰিছিল চাহ বাগিচাৰ মাজত কণমানিটোৰ উলংগ মৃতদেহ উদ্ধাৰ হোৱাত জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷

ছাত্রগৰাকীৰ লগত কুকৰ্ম কৰি অৱশেষত ধৰা পৰাৰ ভয়ত কাপোৰেৰে দিঙি চেপি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছিল স্থানীয় ৰাইজে৷ তাৰ পিছতে ০২ নৱেম্বৰত শোণিতপুৰ জিলাৰ সোনাবিলৰ এখন বাগিচাত খৰি বিছাৰি যোৱা দৰিদ্ৰ পৰিয়ালৰ এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ লগতে হত্যা কৰি গাতত পুতি থোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। চাবিনা তপ্ন নামৰ কিশোৰীগৰাকীৰ মৃতদেহ চাহ বাগিচাৰ নলাত পুতি থোৱা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছিল।

জানিব পৰা মতে, ১১ বছৰীয়া কিশোৰীগৰাকী নিৰুদ্দেশ হোৱাৰ পিছত ১২ ঘন্টাৰ অন্তত উদ্ধাৰ হৈছিল মৃতদেহ৷ খৰি বিছাৰি গৈ নিৰুদ্দেশ হৈছিল কিশোৰীগৰাকী। মালিজান বাগিচাৰ ধিৰেন তাঁতী নামৰ এজন যুৱকে চাবিনা তপ্নক ধৰ্ষন কৰি হত্যা কৰি পুতি থোৱাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে। উত্তেজিত ৰাইজে অভিযুক্ত ধিৰেন তাঁতীৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰিছিল৷ এই দুই ঘটনাই শোণিতপুৰ জিলাক কপাই যোৱাৰ পিছত পুনৰ যোৱা বুধবাৰে সংঘটিত হ’ল আন এক লজ্জাজনক ঘটনা৷

এটি পানী কেচুৱা নৈৰ দাতিত পেলাই থৈ যোৱাই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰে৷ জীৱ শ্ৰেষ্ঠ মানৱৰ এনে কাণ্ডত পুনৰ চিন্তিত হৈ পৰিছে সচেতন লোক৷ সন্তানহীনা দম্পত্তিয়ে যিটো সময়ত এটি সন্তানৰ বাবে মন্দিৰে-মছজিদ-চিকিৎসক-কবিৰাজৰ ওচৰলৈ যাব লগা হৈছে। সেই সময়ত নৱজাতক শিয়াল-কুকুৰৰ মুখলৈ দলিয়াই দিয়াৰ ঘটনা সংঘটিত হয়৷ শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত গাভৰু নৈৰ দাতিত নৱজাতকক পেলাই থৈ যায়। জানিব পৰা মতে, বুধবাৰে বিয়লি ভাগত কেচুৱাটোক কোনো লোকে প্ৰত্যক্ষ কৰে৷ স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত কেচুৱাটোক আৰক্ষীয়ে মৃত অৱস্থাত উদ্ধাৰ কৰে।