
দেৰগাঁওঃ চৰকাৰ পৰিবৰ্তন হলেও সলনি হোৱা নাই বিষয়া-কৰ্মচাৰীৰ মানসিকতা৷ ৰাজ্য-কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে বিষয়া কৰ্মচাৰীক সৰ্ম-সংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান জনাই আহিছে যদিও বিষয়া-কৰ্মচাৰীয়ে গুৰুত্ব সহকাৰে লোৱা দেখা নাযায়৷
তাৰ মাজতে গোলাঘাট জিলাৰ দেৰগাঁও বিধান সভা সমষ্টিৰ কাকডোঙা উন্নয়ন খণ্ডৰ একাংশ কৰ্মচাৰীয়ে কৰ্তব্যত গাফিলতি কৰাৰ ব্যাপক অভিযোগ উত্থাপিত হৈছে। উন্নয়ন খণ্ডটোৰ ৰবীন বৰা, মালা গগৈ কনিষ্ঠ অভিযন্তা মুকুতা মণি কম্পিউটাৰ সহায়ক ৰঞ্জন বৰুৱা আদিৰ লগতে কেইবাগৰাকী কৰ্মচাৰীয়ে প্ৰায়ে কাৰ্যালয়ত উপস্থিত নহয় বুলি ৰাইজে অভিযোগ উত্থাপন কৰে৷
কেৱল ইমানে নহয় সময়ে সময়ে কাৰ্যালয়ত উপস্থিত নথকাৰো অভিযোগ উত্থাপন হৈ আহিছে৷ এই সকল বিষয়া-কৰ্মচাৰীয়ে বাবে উন্নয়ন খণ্ডটোৰ অধীনৰ গাঁও পঞ্চায়ত সমূহৰ সভাপতি, সচিব, এনৰেগাৰা কৰ্মচাৰী সকলে সমস্যাত পৰাৰ লগতে বিষয়া-কৰ্মচাৰীৰ হেমাহিৰ উন্নয়ন স্থবিৰ হোৱা বুলি অভিযোগ উত্থাপন হয়।
জানিব পৰা মতে, উন্নয়ন খণ্ডটোৰ অধীনৰ বহু কেইখন গাঁও পঞ্চায়তত এনৰেগা আঁচনিৰ জৰিয়তে বিভিন্ন স্থান বিভিন্ন কাম হৈ থকা পাছতো বহুদিন ধৰি মাষ্টৰ ৰ'লচ সমূহ সময় মতে যোগান নধৰা অভিযোগ একাংশ লোকে অভিযোগ উত্থাপন কৰি ৰাইজে বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷