
দেৰগাঁওঃ গোলাঘাট জিলাৰ দেৰগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে নিশা পথ দুৰ্ঘটনা সংঘটিত হৈ দুগৰাকী চালক গুৰুতৰ ভাবে আহত হয়৷ জানিব পৰা মতে, দুয়ো দিশৰ পৰা অহা AS-05-C-2458 আৰু WB-23-C-3371 নম্বৰৰ দুখন টেংকাৰৰ দেৰগাঁৱত মুখামুখী সংঘৰ্ষ লাগে।
ইখন টেংকাৰ সি খন টেংকাৰৰ ওপৰত বাগৰি পৰাত আতংকৰ সৃষ্টি হয়৷ ফলত দুৰ্ঘটনাস্থলীৰ দুয়োদিশে শ শ যান-বাহন আৱদ্ধ হৈ পৰে। দুৰ্ঘটনাত দুয়োখন টেংকাৰৰ চালক আহত হয়। দুয়োজনকে দেৰগাঁও আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্তি কৰে।
জানিব পৰা মতে, এখন টেংকাৰত ডিজেল আৰু আনখন টেংকাৰত ৰাসায়নিক দ্ৰব্য কঢ়িয়াই আনিছিল। প্ৰায় তিনিঘণ্টাৰ পাছত পথৰ ওপৰত পৰি থকা টেংকাৰখন আতঁৰাই নিবলৈ সক্ষম হয়।