কোকৰাঝাৰঃ একালৰ বৰ অসমৰ অংগ নগাসকলে আত্ম-নিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে বিগত বছৰ বছৰ ধৰি যিদৰে ৰাষ্ট্ৰৰ বিপক্ষে সংগ্ৰাম কৰি আহিছে৷ কিন্তু এই সংগ্ৰামে অসমত সৃষ্টি কৰিব পাৰে অনাকাংক্ষিত পৰিস্থিতিৰ৷ কিয়নো কেন্দ্ৰীয় চৰকাৰে অন্ধকাৰত ৰাখি সম্পাদনা কৰিছে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট তথা সম্প্ৰতি প্ৰচাৰ মতে তাত অসমৰ স্বাৰ্থৰ কথা জড়িত হৈ পৰিব এয়া স্পষ্ট৷ এই বিষয়টো ক্ৰমান্বয়ে অতি স্পৰ্শকাতৰ হৈ পৰিছে বুলিও ধাৰণা কৰিব পাৰি৷

এই চুক্তিখন সম্পাদন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক সবিশেষ অৱগত নকৰোৱাৰ লগতে জড়িত নকৰাটো দুৰ্ভাগ্যজনক বিষয় বুলি ইতিমধ্য চৰ্চিত হৈছে৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট চুক্তিত বৃহত্তৰ নাগালিম গঠনৰ কথা মানি লোৱা বুলি NSCN পক্ষই সদৰী কৰিছে সেয়া যদি হয় তেন্তে অসমৰ ভূমি নাগালিমলৈ যোৱাটো খাতাং বুলি প্ৰচাৰ হোৱাৰ পিছতে ৰাজ্যৰ দল-সংগঠন তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ তাৰ মাজতে এই চুক্তিক আদৰণি জনাইছে বিদ্ৰোহী সংঘঠন এনডিএফবিয়ে৷

শনিবাৰে বিটিএডিৰ সদৰ কোকৰাঝাৰত এখন সংবাদ মেল অনুষ্ঠিত কতৰি এই কথা ঘোষণা কৰে সংগঠনটোৱে৷ ২০০৫ চনৰ পৰা আজিলৈ অৰ্থ্যাৎ বিগত ১২ বছৰে চৰকাৰৰ সৈতে যুদ্ধবিৰতি কৰাৰ পিছতো চৰকাৰে বড়ো সমস্যাৰ সমাধানৰ প্ৰতি কোনো সঁহাৰি নিদিয়াত ক্ষুব্ধ হৈ পৰে এনডিএফবিৰ প্ৰগতিশীল গোটে৷ শনিবাৰে কোকৰাঝাৰস্থিত অমলা ভৱনত আয়োজিত এক সংবাদমেলত এনডিএফবি (প্ৰ) সাধাৰন সম্পাদক বি সৌমখেৰে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এনডিএফবি (প্ৰ)য়ে আজিলৈ চৰকাৰৰ সৈতে ১৫ বাৰকৈ ত্ৰিপাক্ষিক বৈঠকত মিলিত হ'ল আৰু কেইবাবাৰো কেন্দ্ৰীয় গৃহমন্ত্ৰীক লগ ধৰি বড়োলেণ্ড সমস্যা সমাধানৰ বাবে দাবী জনালে যদিও বিষয়টোত কোনোধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত নহল বুলি কয়।

বড়োলেণ্ড সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ অৱহেলাৰ বাবেই অগ্ৰগতি লাভ নকৰিলে বুলি আক্ষেপ ব্যক্ত কৰি এনডিএফবিৰ নেতা গৰাকীয়ে এনএচচিএন'ৰ লগত যেনেদৰে চুক্তি হবলৈ গৈ আছে ঠিক তেনেদৰে বড়োলেণ্ড সমস্যাও কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে লৈ সমস্যাৰ সমাধান কৰা উচিত বুলি কয়৷ নেতাগৰাকীয়ে অগ্ৰগতি লাভ কৰা নাগালেণ্ড চুক্তিক আদৰনি জনাই এইক্ষেত্ৰত অতি পুৰণি সশস্ত্ৰ সংগ্ৰাম এটাৰ অন্ত পৰিব বুলি আশা ব্যক্ত কৰিছে ৷

ইপিনে নাগালেণ্ড চুক্তিৰ পিছত যাতে কোনোধৰণৰ অনাাকাংক্ষিত পৰিস্থিতি সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনাই সৰ্বসাধাৰনৰ জীৱন সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰিবলৈও চৰকাৰক প্ৰতি আহ্বান জনাইছে এনডিএফবি(প্ৰ)য়ে৷ ইপিনে বিজেপি দলে ক্ষমতাত আহিলে বড়ো সমস্যা সমাধান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি এতিয়া বড়োলেণ্ড সমস্যাৰ ওপৰত এষাৰো মাত নমতা বিজেপি নেতৃত্বাধীন চৰকাৰে সম্পূৰ্ণৰূপে গনতান্ত্ৰিক আন্দোলনৰ প্ৰতি পিঠি দি সশস্ৰ সংগ্ৰামক অধিক গুৰুত্ব দি সমস্যা সমাধান কৰাত উঠি পৰি লাগিছে বুলিও বিস্ফোৰক অভিযোগ কৰিছে এনডিএফবিৰ (প্ৰ)নেতা বি সৌমখেৰে ৷

বিগত ৫০ বছৰ কাল বড়োলেণ্ডৰ বাবে আন্দোলন কৰাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি অতি শীঘ্ৰে বড়োলেণ্ডক এক সুকীয়া ৰাজ্যৰ মৰ্যদা দিবলৈ দাবী উত্থাপন কৰিছে এনডিএফবিয়ে । চৰকাৰে গোৰ্খালণ্ড আৰু বড়োলেণ্ড দাবীৰ প্ৰতি পিঠি দি জনসাধাৰনক আভুৱা ভাৰিছে বুলি অভিযোগেৰে কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পিছতে বড়োলেণ্ড সমস্যা সমাধানৰ বাবে আলোচনা স্তব্ধ হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে এনডিএফবি(প্ৰ)য়ে। চৰকাৰে গণতান্ত্ৰিক আন্দোলনৰ ভাষা বুজি নাপালে এদিন হয়তো কোনোবাই বড়োলেণ্ডৰ বাবে পুনৰ সশস্ত্ৰ সংগ্ৰাম গঢ়ি তুলিব পাৰে বুলিও সন্দেহ ব্যাক্ত কৰি এনডিএফবিয়ে বনাঞ্চলত বসবাস কৰা জনজাতি লোক সকলক ভূমিৰ অধিকাৰ দিয়াৰ বাবেও চৰকাৰৰ প্ৰতি আহ্বান জনাইছে এনডিএফবিৰ নেতা বি সৌমখেৰে ৷