হোজাইঃ শিক্ষা অনুষ্ঠানক মন্দিৰ জ্ঞান কৰে আদৰ্শ সমাজে। শিক্ষানুষ্ঠান সমূহে পোহৰ বিলায় সমাজত। কিন্তু শিক্ষানুষ্ঠানক ক্ষতি কৰা লোক আজিও আছে আমাৰ সমাজত। হোজাই জিলাৰ লামডিঙৰ প্ৰণৱ বিদ্যাপীঠ নামৰ বিদ্যালয়খনত দুস্কৃতিকাৰীয়ে অনৈতিক কাৰ্য সংঘটিত কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

শুকুৰবাৰৰ নিশা কোনো দুৰ্বৃত্তই প্ৰতিটো শ্ৰেণীকক্ষ আৰু শিক্ষকৰ কোঠাৰ প্ৰতিটো তলাত মল সানি থৈ যায়৷ শনিবাৰে পুৱা বিদ্যালয় খুলিব আহি এনে অৱস্থা দেখি বিদ্যালয় কৰ্তৃপক্ষ আচৰিত হৈ পৰে। কোঠাৰ তলাত মল সানি থোৱাৰ বাবে কোনো কক্ষই খুলিব নোৱাৰাত বিদ্যালয় কৰ্তৃপক্ষই শ্ৰেণী আৰম্ভ নোহোৱাৰ পূৰ্বেই বিদ্যালয় চুটিৰ ঘোষণা কৰিবলৈ বাধ্য হয়৷

পূৰ্বেও দুষ্কৃতিকাৰিয়ে এনে ঘটনা সংঘটিত কৰি বিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ নষ্ট কৰাৰ চেষ্টা কৰি আহিছে বুলি বিদ্যালয় কৰ্তৃপক্ষই অৱগত কৰে। তদুপৰি এনে ঘটনাৰে বিদ্যালয় বন্ধ ৰখাৰ কোনো চক্ৰান্ত দুস্কৃতিকাৰীয়ে কৰিব পাৰে বুলি শিক্ষক সকলে সন্দেহ কৰিছে ৷ লামডিং কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা শুকুৰবাৰৰ নিশা সংঘটিত হোৱা এনে ঘটনাক তীব্ৰ গৰিহনা জনায় ৷ এই ঘটনাৰ সন্দৰ্ভত শনিবাৰে বিদ্যালয়ৰ কৰ্তৃপক্ষই আৰক্ষীক খৱৰ দিয়ে আৰু আৰক্ষীও আহি বিদ্যালয়খনত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও কোনো লোকক কৰায়ত্ত কৰিব পৰা নাই৷