মোৰাঝাৰঃ হোজাই জিলাৰ ডবকাৰ শালবাগনত পথ দুৰ্ঘটনা সংঘটিত হৈ এজন লোকৰ মৃত্যু হোৱাৰ লগতে এজন লোক গুৰুতৰ ভাবে আহত হয়৷

নিহত লোকজন লংকাৰ নেতাজী পথৰ নৰেন দাস আৰু আহত লোকজন সুভ্ৰকান্তি ধৰ বুলি জানিব পৰা গৈছে৷

ডবকাৰ শালবাগনত এই পথ দুৰ্ঘটনা সংঘটিত হয়৷ মদ্যপান কৰি বাইক চলাইছিল দুয়ো যুৱকে দুৰ্ঘটনাত পতিত হোৱা বুলি জানিব পৰা গৈছে৷