16
Nov
2017

কৰিমগঞ্জঃ কৰিমগঞ্জ পাথাৰকান্দিত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা সৈতে এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে বিশেষ সুত্ৰৰ খবৰৰ ভিত্তিত পাথাৰকান্দিৰ হাতিখিৰাত জব্দ কৰে গাঞ্জা সৈতে ট্ৰাক খন৷
বাজাৰিছড়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা অভিযানত গাঞ্জা কঢ়িয়াই অনা এখন ট্রাক জব্দ কৰাৰ লগতে ট্ৰাকৰ চালকক আটক কৰে আৰক্ষীয়ে৷ গাঞ্জাখিনিৰ মুল্য প্ৰায় ৫ লাখ টকা হ’ব বুলি ধাৰণা কৰা হৈছে৷ দিল্লীৰ ভেনসিং নামৰ চালকগৰাকীয়ে ভুৱা নম্বৰ ব্যৱহাৰ কৰি গাঞ্জা সৈতে ট্ৰাক খন ত্রিপুৰাৰ পৰা গুৱাহাটী অভিমুখে লৈ আহি আছিল৷