গোৰেশ্বৰঃ ৰাজ্য চৰকাৰৰ আপোন ঠিকাদাৰ প্ৰভু আগৰৱালাৰ তাণ্ডৱ অব্যহত গোৰেশ্বৰত৷ ৰাইজ, প্ৰশাসন আৰু বন বিভাগৰ চকুত ধূলি দি বনজ সম্পদ ধ্বংস কৰি চোৰাংকৈ সৰবৰাহ কৰাৰ লগতে নিম্ন মানৰ কাম কৰাৰ অভিযোগ উত্থাপন হয়৷ বাক্সা-কামৰূপ জিলাৰ গুৰুত্বপূৰ্ণ বাইহাটা চাৰিআলি-ৰামগাঁও নাগ্ৰীজুলি পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰাৰ সুবাদতে ক্ৰেছাৰ মেচিন বহুৱাই ঠিকাদাৰগৰাকীয়ে ৰাজ্যৰ আন ঠাইলৈ শিল বালি কঢ়িওৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়তে শুকুৰবাৰে পথ নিৰ্মাণৰ দুৰ্নীতিৰ বন্ধ কৰাৰ দাবীত ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

পথটো নিৰ্মাণত ব্যাপক খেলিমেলি তথা ঠিকাদাৰে নিজৰ মইমতালিৰে কাম কৰাৰ প্ৰতিবাদত মহৰিপাৰাত উত্তৰ বেতনা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেবাটাও সংগঠনে চাৰি ঘন্টীয়া পথ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। লেহেম গতিত পথ নিৰ্মাণ কৰাৰ লগতে নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হয়৷ আছুৰ উদ্যোগত অবড়ো সুৰক্ষা সমিতিৰ তামলপুৰ জিলা সমিতি, শৰণীয়া কছাৰী ছাত্ৰ সন্থা আৰু বাঙালী ছাত্ৰ ফেডাৰেছনৰ সহযোগত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

প্ৰভূ আগৰৱালা হায় হায়, পথৰ কাম খৰতকীয়া কৰক, বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গান দি উত্তাল প্ৰতিবাদ। আছু আৰু অবড়ো সুৰক্ষা সমিতিয়ে গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্য গড়কাপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্যক পৃথকে-পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উত্তৰ বেতনা আছুৰ সভাপতি সম্পাদক ক্ৰমে প্ৰণৱ ডেকা আৰু ৰবুল কলিতা আৰু অবড়ো সুৰক্ষা সমিতিৰ তামুলপুৰ জিলা সমিতিৰ সভাপতি প্ৰমোদ কলিতা স্বাক্ষৰিত স্মাৰক পত্ৰত পথ নিৰ্মাণৰ কাম লেহেমীয়া হোৱাত ৰাইজ তীব্ৰ সমস্যাত পৰে৷ সেয়েহে নিৰ্মাণ কাৰ্য শীঘ্ৰে সম্পাদন কৰাৰ লগতে আঁচনি অনুসৰি পথটো নিৰ্মাণ কৰিবলৈ দাবী জনায়।

পুৰণি তথা ভগা কালভাৰ্ট আতৰাই দলঙৰ নিৰ্মাণ, যথা স্থানত শৈলস্পাৰ তৈয়াৰ, পথৰ মাজত থাকি যোৱা গছ, বৈদ্যুতিক খুটা আঁতৰোৱাৰ ব্যৱস্থা, পথৰ দাতিৰ নলাৰ সুব্যৱস্থা আদি কৰিবলৈ দাবী জনায় সংগঠনকেইটাই। অবড়ো সুৰক্ষা সমিতিয়ে নিম্নমানৰ কামৰ তদন্তৰ দাবী উত্থাপন কৰে সংগঠনকেইটাই। শীঘ্ৰে পথটোৰ কাম সম্পূৰ্ণ নকৰিলে পুনৰ গণতান্ত্রিক আন্দোলন গঢ়ি তুলিব বাধ্য হ'ব বুলি হুংকাৰ দিয়ে সংগঠনকেইটাই। বাইহাটা চাৰিআলি-ৰামগাঁও নাগ্ৰীজুলি পথ নিৰ্মাণৰ প্ৰয়োজনীয় শিল বালি ভাৰত-ভূটান সীমান্তৱৰ্ত্তী নৈৰ পৰা সংগ্ৰহ কৰাৰ বাবে অনুমতি লয় ঠিকাদাৰগৰাকীয়ে।

কিন্তু ঠিকাদাৰগৰাকীয়ে দীৰ্ঘদিন ধৰি পথটোৰ গইনা লৈ দিনে নিশাই ডাম্পাৰেৰ সৰবৰাহ কৰিছে বালি-শিল৷ ক্ৰেছাৰ বহুৱাই বালি শিল পথটোত নেপেলায় ৰাজ্যৰ আন প্ৰান্তলৈ সৰবৰাহ কৰে৷ বাইহাটা চাৰিআলি-ৰামগাঁও নাগ্ৰীজুলি পথটোৰ জৰাজীর্ণ অৱস্থাৰ বাবে ৰাইজে প্ৰতিবাদ কৰি অহাৰ অন্তত বিশ্ববেংকৰ ৭০ কোটি টকাৰে নিৰ্মাণ কৰাৰ আঁচনি লয় চৰকাৰে৷ ৫২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণৰ দায়িত্ব লাভ কৰে আগশাৰীৰ ঠিকাদাৰ প্ৰভূ আগৰৱালাই। পথটো লেহেমীয়া গতিৰে নিৰ্মাণ কৰি তাৰ বিপৰীতে ৰাজ্যত শিল-বালিৰ নাটনিৰ অজুহাত দেখুৱাই বাক্সা জিলাৰ বন বিভাগৰ অধিনৰ শিল-বালি কৰ ফাঁকিৰে সৰবৰাহ কৰি থকা কাৰ্য্যই সকলোৰে চকু কপালত তুলিছে।

২০১৬ চনৰ ২৩ ফেব্ৰুৱাৰীত সেই সময়ৰ কমলপুৰৰ বিধায়ক যাদৱ ডেকাৰ উপস্থিতিত সংসদীয় সচিব মণিলাল গোৱালাই ৰঙিয়া গড়কাপ্তানি পথ সংমণ্ডল আৰু গোৰেশ্বৰ গড়কাপ্তানী উপ-সংমণ্ডলৰ অধীনৰ পথটো বাইহাটা চাৰিআলিত শুভৰাম্ভ কৰে। ১৭ মাহ অতিক্ৰম কৰি যোৱাৰ পিছতো পথটোৰ নিৰ্মাণ শামুকীয়া গতিৰে কৰাৰ অভিযোগ উত্থাপন হয় প্ৰভূ আগৰৱালাৰ বিৰুদ্ধে। আনহাতে ৰাইজে সময়ে সময়ে অতি নিম্নমানৰ কাম কৰাৰো অভিযোগ তুলিও কাম বন্ধ কৰি দিয়াৰ লগতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

ইপিনে পথটো নিৰ্মাণৰ বাবে প্ৰয়োজন শিল-বালি শুৱাগপুৰৰ পৰা সংগ্ৰহ কৰাৰ অনুমতি লাভ কৰে ঠিকাদাৰজনে। ইয়াৰ সুবাদতে ঠিকাদাৰজনে ৪ নং শুৱাগপুৰ প্ৰাথমিক বিদ্যালয়ৰ একেবাৰে কাষতে প্ৰায় ১৫ বিঘা মাটিত স্থাপন কৰে ক্ৰেছাৰ আৰু হাপাৰ মেচিন। ইয়াৰ পিছৰে পৰা দিনে-নিশাই শিল ভঙা কাম চলাই গৈছে। ইপিনে ঠিকাদাৰজনে শিল-বালিৰ ৰাজহ ফাঁকিৰে বন বিভাগ-ৰাইজৰ চকুত ধূলি দি আহিছে। ঠিকাদাৰ প্ৰভূ আগৰৱালা নিম্নমানদণ্ডৰ কাম আৰু নিজ খেয়াল খুচি মতে পথ নিৰ্মাণৰ কাম কৰাৰ অভিযোগত আজি বাগসা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ মহৰিপাৰাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কেবাটাও দল-সংগঠনে।