
তুলসীবাৰীঃ তৰণী আৰিমত্ত ফুটবল ক্লাবৰ উদ্যোগত তৰণী মিনি ষ্টেডিয়ামত অনুষ্ঠিত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল খন কেইবাশাতাধিক লোকৰ উপস্থিতিত দেওবাৰে অনুষ্ঠিত হয়৷ কেতেকীবাৰী জ্ঞানদা সংঘই চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে।
উত্তেজনা পূৰ্ণ খেলখনত নিৰ্দ্ধাৰিত সময়ত দলটোৱে প্ৰতিপক্ষ হাজো মিলন জ্যোতি সংঘক ২-১ গ'লৰ ব্যৱধানত পৰাজিত কৰে। খেল সমাপ্ত হোৱাৰ পিছতে বঁটা বিতৰণী সভা অনুষ্ঠিত হয়৷ বঁটা বিতৰণী সভাত স্থানীয় বিধায়ক ভৱেশ কলিতা উপস্থিত থাকি পূৰস্কাৰ বিতৰণ কৰে৷ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে বিজয়ী দলৰ আনিচ আলিয়ে৷