নলবাৰীঃ বিটিএডিৰ বাক্সা জিলাৰ কুমাৰিকাটাৰ বেলখুটিত সোমবাৰে বাব ৰামদেৱে আচাৰ্য্য কুলমৰ শুভাৰম্ভ কৰে বাবা ৰামদেৱে। ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা, স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী, সাংসদ বিশ্বজিৎ দৈমাৰী, ৰবীন বালা বিশ্বাসৰ উপস্থিতিত আচাৰ্য্য কুলমৰ শুভাৰম্ভ কৰে ৰাম দেৱে৷

আচাৰ্য্য কুলমৰ শুভাৰম্ভ কৰাৰ পিছতে এখন সভাত অংশ গ্ৰহণ কৰে বাবা ৰামদেৱে৷ সভাত অগণন লোকক যোগ আৰু ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যায়াম কৰি নিজকে সুস্থ ৰাখিব পাৰি এই বিষয়তো মন্তব্য আগবঢ়ায়৷ ৰাইজক কেইটামান যোগ কৰাৰ প্ৰণালী দেখুৱাই দিয়ে ৰামদেৱে। সভাত অসমবাসীক ভাল পাও বুলিও মন্তব্য আগবঢ়ায় ৰামদেৱে।