22
Nov
2017

পাথৰিঘাটঃ দৰং জিলাৰ মঙলদৈৰ সমীপৰ ডাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা ডাহী ভাগৱত আশ্ৰয়ৰ প্ৰাক্তন কাৰ্য্যকৰী সভাপতি ভূৱন কলিতাৰ মঙলবাৰে পুৱা ১১.৩০ বজাত বাৰ্ধক্যজনিত কাৰণত মৃত্যুক আকোৱালি লয়।
বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল ভূৱন কলিতা। কলিতাৰ মৃত্যুত অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে।
তেওৰ মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাত প্ৰাক্তন ছাত্ৰ ছাত্ৰ, গুণমুগ্ধ আৰু একালৰ সহকৰ্মীসকল তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।