23
Nov
2017

বাইহাটা চাৰিআলিঃ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত বেজেৰাত পথ দুৰ্ঘটনা সংঘটিত হৈ এজন ছাত্ৰ গুৰুতৰ ভাবে আহত হয়।
দৰং জিলাৰ মঙলদৈ টেঙাবাৰীৰ তথা ডিব্ৰুগড় মেডিকেল কলেজৰ ছাত্ৰ মৃগাংক ডেকাই (১৯) এএচ-১৩-এফ-৫৯৩০ নম্বৰৰ মটৰ চাইকেলেৰে গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত বেজেৰা শংকৰদেৱ জাতীয় বিদ্যালয়ৰ সন্মুখত এখন এএচ-০১-বি এচ-০২৩৪ নম্বৰৰ অল্ট গাড়ীয়ে ১৫নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰিবলৈ ধৰোতে মটৰ চাইকেল খনৰে মুখামুখি সংঘৰ্ষ লাগে।
ফলত মটৰ চাইকেল আৰোহী মৃগাংক ডেকা গুৰুত্বৰভাৱে আহত হয়। ততাতয়াকৈ স্থানীয় ৰাইজৰ সহযোগত বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় যদিও প্ৰাথমিক চিকিৎসাৰ অন্ততঃ চিকিৎসকে গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।