23
Nov
2017

লংকাঃ লংকাত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস৷ হাতীৰ তাণ্ডৱৰ বাবে এতি বিনিদ্ৰ ৰজনী কটাইছে ৰাইজে৷ লংকাৰ বিভিন্ন উপকণ্ঠ অঞ্চলত বৃহত হাতীৰ জাকে চলাই গৈছে সন্ত্ৰাস৷
হাতীৰ উপদ্ৰৱত আতংকিত হৈ পৰা অঞ্চলবাসীয়ে বিনিদ্ৰ ৰজনী কটাই থকাৰ সময়তে বুধবাৰে নিশাও লামডিং বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰা ৬০/৭০ জনীয়া হাতীৰ জাকে নিশা লংকাৰ পাঞ্জাৱী বস্তিৰ ৩নং ৱাৰ্ডত প্ৰৱেশ কৰি তাণ্ডৱ চলোৱাৰ লগতে বাসগৃহ লণ্ডভণ্ড কৰে৷
ইমানে নহয় ভৰালৰ ধান, চাউল খায় তহিলং কৰে৷ হাতীৰ জাকটোৱে কৃষকৰ সোণালী খেতি ডৰাও ভৰিৰে মোহাৰি এই বিনষ্ট কৰাৰ উপৰিও কল খেতিৰো ক্ষতি সাধন কৰে৷ হাতীৰ সন্ত্ৰাসত আতংকিত গঞাই নিশা প্ৰাণৰ শংকাত উজাগৰী নিশা পাৰ কৰিব লগা হয়৷ পিছত স্থানীয় ৰাইজে ফটকা ফুটায় পথাৰৰ মাজত অৱস্থান কৰা হাতীৰ জাকটোক খেদি পঠাবলৈ সক্ষম হয়৷