জোনাইঃ  মিচিং আগম কেবাং আৰু মিচিং দৃৰবৃ কেবাঙৰ প্ৰাক্তন সভাপতি, বিশিষ্ট লেখক, সাহিত্যিক ডাঃ বিদ্যেশ্বৰ দলেৰ দ্বাৰা গ্ৰন্থ চিন্তা বিবিধা শনিবাৰে জোনাই প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়৷ জোনাই বিজ্ঞান কলেজৰ অধ্যক্ষ ৰাজেশ্বৰ পেগুৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত মুৰ্কংচেলেক কলেজৰ প্ৰাক্তন অধ্যক্ষ হৰকান্ত পেগুৱে গ্ৰন্থখন উন্মোচন কৰে৷

সাংবাদিক ৰয়েল পেগুৱে আঁতধৰা সভাত মদন পেগু, ৰুহিনী পেগু, গিৰিশ শৰ্মা, মাধৱ পাৱ, ৰাসেশ্বৰ পায়েং, সুখলতা ফুকন গগৈ, জয়কুমাৰ দলে, বিজয় বৰি, ভাস্কৰ টায়েং আদিয়ে গ্ৰন্থখনৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়৷