চেন্নাইঃ ভোটাৰেই গণতন্ত্ৰৰ ভেঁটি। কিন্তু সেই ভোটাৰকে ধনেৰে কিনাৰ ব্লুপ্ৰিন্ট ৰচনা কৰাৰ অভিযোগ উত্থাপিত হৈছে এজন মন্ত্ৰীৰ বিৰুদ্ধে। উপনিৰ্বাচনৰ পুৰ্বে ২ কোটি ৬ লাখ ভোটাৰক গাইপতি ৪ হাজাৰ টকাকৈ দি মন জয় কৰাৰ ব্লুপ্ৰিণ্ট উদ্ধাৰ হৈছে এজন মন্ত্ৰীৰ ঘৰত৷  

চেন্নাইৰ আৰ কে নগৰ সমষ্টিত হ’বলগীয়া উপ নিৰ্বাচনত শুক্ৰবাৰে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী চি বিজয়ভাস্কৰৰ ঘৰত আয়কৰ বিভাগৰ অভিযানত এই তথ্য পোহৰলৈ অহা বুলি জানিবপৰা গৈছে৷ আয়কৰ বিভাগে প্ৰকাশ কৰিছে যে উক্ত ব্লুপ্ৰিন্টত আৰ কে নগৰ সমষ্টিতোক মুঠ ২৫৬ টা ভাগত ভাগ কৰি ৮৯ কোটি টকা বিতৰণৰ পৰিকল্পনা কৰা হৈছিল৷

৮৫% ভোটাৰক লক্ষ্য কৰিয়েই এই ব্লুপ্ৰিন্ট কৰা হৈছিল বুলি আয়কৰ বিভাগৰ অভিযানত প্ৰকাশ পাইছে৷ শশীকলাৰ ভতিজা তথা নিৰ্বাচনৰ প্ৰাৰ্থী টিটিভি দিনাকৰণক জয় কৰোৱাৰ উদ্দেশ্যে এই পৰিকল্পনা কৰা হৈছিল বুলি অভিযোগ উত্থাপন কৰিছে৷

শুকুৰবাৰে মুঠ ৩৫ স্থানত অভিযান চলায় আয়কৰ বিভাগে৷ মুখ্যমন্ত্ৰী এ পলনীস্বামীকে ধৰি ৭ জন জেষ্ঠ নেতাৰ নামো এই ব্লুপ্ৰিন্টত থকাৰ অভিযোগ উত্থাপিত হৈছে৷ আনহাতে এই সকলো অভিযোগ অস্বীকাৰ কৰিছে ভি শশীকলাই৷ শশীকলাই কয় যে মন্ত্ৰীজনৰ ঘৰৰ পৰা কেৱল ১০ হাজাৰ টকাহে আয়কৰ বিভাগে উদ্ধাৰ কৰিছে৷

এনে উৰাবাতৰিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে, সেই কথা আম্মাই ভালদৰে শিকাই থৈ যোৱা বুলি শশীকলাই সংবাদমাধ্যমৰ আগত ব্যক্ত কৰে। উল্লেখ্য যে বিগত বৰ্ষতো ৰাজ্যখনৰ দুটা সমষ্টিত উৎকোচজনেত ঘটনাৰ বাবে নিৰ্বাচন বাতিল হৈছিল৷