
বেতবাৰীঃ বুৰঞ্জীবিদ তথা টাই ভাষা-সংস্কৃতিৰ পণ্ডিত শিৱসাগৰ জিলাৰ শিমলুগুৰি উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক বিমল বৰপাত্ৰ গোহাঁইক চ্যুকাফা বঁটা প্ৰদান কৰিব অসম চৰকাৰে৷ জনগোষ্ঠীটোৰ প্ৰতি আগবঢ়াই অহা অৱদানৰ প্ৰতি সন্মান জনাই চ্যুকাফা বঁটা প্ৰদান কৰিব অসম চৰকাৰে।
চৰকাৰে দেওবাৰে ফোন যোগে এই কথা তেওক অৱগত কৰে৷ অহা ১ ডিচেম্বৰত ডিব্ৰুগড়ত চৰকাৰী কাৰ্যসূচীৰ জৰিয়তে এই বঁটা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰামুগাঁৱৰ নিবাসী বিমল বৰপাত্ৰ গোহাঞিলৈ এই সন্মান আগবঢ়োৱাৰ বাবে পৰিয়ালৰ লগতে অঞ্চলটোৰ ৰাইজে অসম চৰকাৰ আদৰণী জনায়।