নলবাৰীঃ পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে অসম গণ পৰিষদ দল। অসম গণ পৰিষদে নলবাৰী জিলাৰ ৫৯ নং বিধান সভা সমষ্টিৰ ১৯খন অাঞ্চলিক সমিতিক সক্ৰিয় কৰাৰ বাবে উঠি-পৰি লাগিছে৷ বালিতাৰাৰ পিছত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে সমষ্টিটোৰ খাটিকুছি, বৰাজল অাৰু ঘগ্ৰাপাৰৰ প্ৰতিখন অাঞ্চলিকৰ সহযোগত একোখনকৈ সভা অনুষ্ঠিত কৰে।

অসম গণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, নলবাৰী অগপৰ মূখ্য উপদেষ্টা তথা অগপৰ যুৱ নেতা দিলীপ কুমাৰ দাসে বিশেষ তৎপৰতাৰে ৰাইজক অগপ দলৰ হকে কাম কৰাৰ বাৱে অাহ্বান জনাই লগতে দলটোক অাগন্তুক অাগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অধিক শক্তিশালী কৰি তুলিবলৈ ৰাইজৰ সহায়-সহয়োগিতা কামনা কৰে। নলবাৰী সমষ্টিত অগপ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, নলবাৰী অগপৰ উপদেষ্টা, যুৱ নেতা দিলীপ কুমাৰ দাসে দলটোক সক্ৰিয় কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷