পাথৰিঘাটঃ  সোমবাৰে পুৱাৰ ভাগত দৰং জিলাৰ ভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ হৰি ধ্বনিত মুখৰিত হয় দুনী ভেৰুৱা চাৰিআলিৰ আকাশ বতাহ। ভেৰুৱাৰ পথাৰৰ তনুৰাম ডেকা ক্ষেত্র’ত তিনি সহস্ৰাধিক পুৰুষ-মহিলাৰ উপস্থিতিত তথা দবা-শংখ-কাঁহ আৰু মঙ্গলধ্বনিৰ মাজত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ, দৰং জিলা শাখাৰ ৪৮ সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয়।

পুৱা লাইখুঁটা স্থাপন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ শংঘ, দৰং জিলাৰ সভাপতি বদন চন্দ্ৰ শইকীয়াই। ইয়াৰ পিছত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। সভাত আদৰণি ভাষণ আগবঢ়াই আদৰণি সমিতিৰ সভাপতি তথা ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ লগতে নিদিষ্ট বক্তাৰ ভাষণ ৰাখে প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীয়ে।

উল্লেখ্য যে ১৯, ২০, আৰু ২১ জানুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হৱ ৪৮ সংখ্যক বাৰ্ষিক অধিৱেশন।