ঢেকীয়াজুলিঃ  বক্সিঙেৰে বিশ্বজয় কৰা অসম তথা ভাৰত গৌৰৱ ঢেকীয়াজুলিৰ জীয়ৰী অংকুশিতাক লৈ ৰাইজৰ মাজত উলাহৰ যেন শেষ নাই৷ ২৬ নবেম্বৰত গুৱাহাটীত অনুষ্ঠিত হোৱা বিশ্ব যুৱ মহিলা বক্সিং চেম্পিয়নচিপৰ চূড়ান্ত খেলখনত চূড়ান্ত বিজয়ী হৈ স্বৰ্ণ পদক লাভ কৰাৰ লগতে শ্ৰেষ্ঠ খিলুৱৈৰ খিতাপ অৰ্জন কৰা অংকুশিতাৰ বাসগৃহলৈ কালি নিশাৰে পৰা বৈছে  শুভাকাংশী ৰাইজৰ সোঁত৷

শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহচক্ৰৰ অন্তৰ্গত উলুবাৰী গাৱঁত জন্মলাভ কৰা এইগৰাকী বিশ্বজিনা খেলুৱৈ বৰ্তমানে বসবাস কৰা কাষৰীয়া মেঘাইজাৰণী গাঁৱলৈ যেন এইগৰাকী সুযোগ্য অসমসন্তানে নমাই আনিলে আনন্দৰ বন্যা৷ এটি দাৰিদ্ৰ পিড়িত অঞ্চলৰ পৰা গৈ ক্ৰীড়াৰ জৰিয়তে ইতিহাস ৰচনা কৰা এই গৰাকী অসাধাৰণ তৰুণীৰ বিজয়ৰ উছাহত এতিয়া উথলি উঠিছে বৃহত্তৰ অঞ্চলৰ ৰাইজ৷ দলেবলে সকলো ৰাওনা হৈছে অংকুশিতাৰ ঘৰলৈ৷

তাৰকা খেলুৱৈ গৰাকী যদিও এই পৰ্য্যন্ত ঘৰ আহি পোৱা নাই তথাপিটো অংকুশিতাৰ পিতৃ মাতৃ তথা পৰিয়ালৰ সদস্য সকলক এপাক দেখা কৰি অভিনন্দন জনাবলৈ হিলদ’ল ভাঙি আহিছে ৰাইজ৷ 

একেদৰে বিভিন্ন দল সংগঠনৰ নিতৃত্ব আহি প্ৰতিভাবান কিশোৰী গৰকীৰ পৰিয়ালক জনাইছে শুভকামনা৷ ইয়াৰ মাজতে ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক অশোক সিংঘাল আজি বিয়লিৰ ভাগত খেলুৱৈ গৰাকীৰ বাসগৃহত উপস্থিত হৈ অংকুশিতাৰ পৰিয়াল তথা গাওঁবাসীৰ লগত আনন্দোৎসৱত ভাগ লয়৷ 

বড়ো জনগোষ্ঠীয় এই গৰাকী বিশ্বজয়ী খেলুৱৈৰ গৃহ আজি পূৱাৰে পৰা মুখৰিত হ’ল বাগৰুম্বা, খেৰাই আদি নৃত্যৰ তালে তালে৷ আবাল বৃদ্ধ বণিতা সকলোৱে অংশ গ্ৰহণ কৰিলে এই আনন্দোৎসৱত৷ ইফালে অংকুশিতাৰ পিতৃ ৰাকেশ বড়ো আৰু মাতৃ ৰঞ্জিতা বড়োৱে তেওঁলোকৰ জীয়ৰী অংকুশিতাৰ এই বিজয় অসমবাসীৰ বিজয় আৰু এয়া তাইৰ আৰম্ভনীহে বুলি অবিহিত কৰে৷ আনহাতে ৰাইজৰ সীমাহীন আশীৰ্বাদত অলিম্পিকৰ বক্সিং ৰিঙটো অংকুশিতা উজ্বলি উঠাৰ সপোন দেখিছে পিতৃ মাতৃয়ে৷