গোৰেশ্বৰঃ  বিশ্ব ক্ৰীড়াজগতত দেশৰ লগতে অসমৰো নাম উজলোৱা ঢেকীয়াজুলিৰ উলুবাৰী-মেঘাইজাৰণি গাঁৱৰ অংকুশিতা বড়োলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই। দেওবাৰে নিশা সৰুসজাইত অনুষ্ঠিত বিশ্ব মহিলা চেম্পিয়নশ্বিপত অংকুশিতা বড়োৱে ৬৪ কেজি শাখাত ৰাছিয়াৰ ডাইনিক একাটেৰিণাক পৰাজিত কৰি স্বৰ্ণ পদক আঁজুৰি আনি গৌৰৱান্বিত কৰিছে দেশবাসীক। শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত উলুবাৰী গাওঁৰ ৰাকেশ কুমাৰ বড়োৰ কন্যা অংকুশিতাৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে অপ্ৰাদেশিকীকৃত বিদ্যালয়ৰ শিক্ষক তথা কৰ্মচাৰী সমাজো।

ঐক্যমঞ্চৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কয় যে যিহেতু অংকুশিতাৰ পিতৃ নিজে এগৰাকী ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক, সেয়েহে এই শুভ সংবাদে ভেন্সাৰ শিক্ষক-কৰ্মচাৰী সমাজখনকো গৌৰৱান্বিত কৰিছে।

অংকুশিতাৰ লগতে পৰিয়াল বৰ্গলৈ ঐক্যমঞ্চৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি কোৱা হৈছে যে এই বাতৰিয়ে অন্তত ৰজাঘৰৰ ভেন্সাৰ শিক্ষকৰ প্ৰতি কিছু দৃষ্টি আকৰ্ষণ কৰিব। বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰা পৰিয়ালৰ প্ৰতি অন্তত শিক্ষাবিভাগৰ মন গলিব বুলি আশা কৰিছে ঐক্যমঞ্চই।

শোণিতপুৰ জিলাৰ তেজপুৰৰ গাভৰু শিক্ষাখণ্ডৰ বৰবিল মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাকেশ কুমাৰ বড়োই আজি  বহু বছৰে শিক্ষানুষ্ঠানখনত শিক্ষকতা কৰাৰ পিছতো প্ৰাদেশিকীকৰণ কৰা নহ'ল বিদ্যালয়খন। ইয়াৰ বাবে পৰিয়াল পোহপাল দিয়াৰ লগতে অংকুশিতাক আগবঢ়াই নিয়াত ভীষণ কষ্ঠ স্বীকাৰ কৰিব লগীয়া হৈছিল অংকুশিতাৰ পিতৃয়ে। বিবৃতিটোত আৰু কোৱা হৈছে যে উপযুক্ত সা-সুবিধা পালে এই প্ৰতিভাসমূহে ৰাজ্যলৈ ইয়াতকৈ অধিক গৌৰৱ কঢ়িয়াই আনিব পাৰিব। সেয়ে ২০- ২৫ বছৰে কষ্টেৰে জীৱন নিৰ্বাহ কৰা পৰিয়ালসূহৰ কথা চিন্তা কৰি অচিৰে প্ৰাদেশিকীকৰণৰ কাম সম্পূৰ্ণ কৰাৰ বাবে ৰাজ্যৰ চৰকাৰ আৰু শিক্ষা বিভাগক দাবী উত্থাপন কৰছে ঐক্যমঞ্চই।