
চৰাইদেউঃ সোণাৰি নগৰস্থিত চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপৰ এটি মন্দিৰত চুৰি কাণ্ড সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দীৰ্ঘ দিনৰ পৰা সোণাৰি নগৰত চুৰি কাণ্ড সংঘটিত হৈ আহিছে যদিও এইবাৰ চোৰৰ পৰা সাৰি নগ’ল ধৰ্মীয় অনুষ্ঠানো।
কিছুদিন পূৰ্বে সোণাৰিৰ কালী-মন্দিৰত চোৰে তাণ্ডৱ চলোৱাৰ পিছতে দেওবাৰে নিশা সদৰ সোণাৰি নগৰৰ মাজমজিয়াত তথা জিলা আৰক্ষী অধীক্ষক আৰু সোণাৰি সদৰ থানাৰ পৰা প্ৰায় ৩০০ মিটাৰ নিলগত থকা শিৱ-মন্দিৰত চুৰি কাণ্ড সংঘটিত হয়।
মন্দিৰত চিচিটিভি থকা পিছতো চুৰিকাণ্ড সংঘটিত কৰে৷ নিশা মন্দিৰৰ গেটৰ তলা ভাঙি মন্দিৰৰ দান পাত্ৰৰ পৰা প্ৰায় বিশ হেজাৰ টকা লৈ চোৰ উধাও হয়। পুৱা মন্দিৰৰ পূজাৰী আৰু স্থানীয় ৰাইজে মন্দিৰৰ তলা ভঙা প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত তদন্ত লআৰম্ভ কৰে যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই৷