
কোকৰাঝাৰঃ আমচাঙৰ উচ্ছেদৰ কৰুণগাথাই ৰাজ্য তোলপাৰ লগাই থকাৰ সময়তে বিটিচি প্ৰধাান হাগ্ৰামা মহিলাৰীয়ে উচ্ছেদিত লোকসকলক চৰকাৰে পুণৰসংস্থাপন নকৰিলে বিটিচি চৰকাৰে বিটিএডিৰ বিভিন্ন এলেকাত পুণৰসংস্থাপন কৰিব বুলি ঘোষণা কৰে। বুধবাৰে বিশ্ব যুৱ মহিলা বক্সিং চেম্পিয়নশ্বিপৰ স্বৰ্ণজয়ী অংকুশিতা বড়োক কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা আৰু পাঁচ লাখ টকাৰ চেক প্ৰদান কৰি হাগ্ৰামা মহিলাৰীয়ে আমচাঙৰ দুখত দুখী হৈ আবেগিক ঘোষণা কৰে।
আমচাঙ সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয় যে ন্যায়ালয়ৰ নিৰ্দেশত যদিও চৰকাৰে উচ্ছেদ কাৰ্য কৰিছে তথাপিও উচ্ছেদৰ পূৰ্বে তাত বসবাস কৰা লোকসকলক অইন ঠাইত সংস্থাপন কৰিব লাগিছিল। উচ্ছেদিত লোকসকলক সংস্থাপন কৰাৰ দাবী জনাই হাগ্ৰামা মহিলাৰীয়ে সংস্থাপন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা কৰিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে অনুমতি দিলে তথা উচ্ছেদিত লোকসকল বিটিএডি আনিবলৈ ইচ্ছা প্ৰকাশ কৰে মহিলাৰীয়ে৷
বিটিএডিৰ বিভিন্ন ঠাইত তেওঁলোকক সংস্থাপন কৰা হ’ব বুলি হাগ্ৰামাই ঘোষণা কৰে। তদুপৰি প্ৰাক্তন বিধায়ক শ্বেখ শ্বাহ আলমৰ মন্তব্যক দূৰ্ভাগ্যজনক আখ্যা দিয়ে মহিলাৰীয়ে। আনহাতে এক বৰ্ণিল কাৰ্যসূচীৰে কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত হাগ্ৰামা মহিলাৰীয়ে অংকুশিতাক পাঁচ লাখ টকাৰ চেক প্ৰদান কৰাৰ পিছতেই ক্ৰীড়া খণ্ডৰ উন্নতিৰ বাবেও কেতবোৰ ঘোষণা কৰে।
অহা বৰ্ষৰ পৰাই ১০০ কোটি ব্যায় সাপেক্ষে বিটিএডিত বড়োলেণ্ড ক্ৰীড়া একাডেমী নিৰ্মাণ কৰা হব বুলি মন্তব্যৰে অংকুশিতা বড়োক বিটিচিৰ ক্ৰীড়া ক্ষেত্ৰৰ "ব্ৰেণ্ড এম্বেচেডৰ" হিচাপে মনোনিত কৰা হব বুলি ঘোষণা কৰে হাগ্ৰামা মহুলাৰীয়ে। সম্বৰ্ধনা অনুষ্ঠানত বিটিচিৰ ক্ৰীড়া বিভাগে অংকুশিতা বড়োক দুই লাখ, বিটিচি সচিবালয় বিষয়া সন্থাই ১,২২,১০০ টকাৰ চেক প্ৰদান কৰিছে। সম্বৰ্ধনা অনুষ্ঠানতে বিভিন্ন দল সংগঠনে অংকুশিতাক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰিছে।
ইপিনে ইয়াৰ পুৰ্বে কোকৰাঝাৰ ছাই কেন্দ্ৰত অনুষ্ঠিত হোৱা এক সম্বৰ্ধনা সভাত অংকুশিতা বড়োই সফলতা লাভৰ কোনো চমু পথ নাই, সফলতা লাভ কৰিবলৈ হলে পৰিশ্ৰম কৰিবই লাগিব বুলি মন্তব্য প্ৰকাশ কৰিছে। ৰাজ্য বাসীৰ মৰম, চেনেহ, আশীৰ্বাদ লৈ ৰিঙত নমা অংকুশিতাই স্বৰ্ণজয় কৰাৰ পিছত আজি কোকৰাঝাৰস্থিত ছাই (SAI) কমপ্লেক্সত উপস্থিত হৈ প্ৰশিক্ষাৰ্থীসকলৰ সতে মত বিনিময় কৰি কঠোৰ শ্ৰম আৰু সাধনাৰে সফলতা আজুৰি আনিবলৈ প্ৰশিক্ষাৰ্থী সকলক আহ্বান জনায়।
কঠোৰ পৰিশ্ৰম কৰি চমকপ্ৰদ সফলতাৰে জিলিকি উঠা দৰিদ্ৰ পৰিয়ালৰ সন্তান অংকুশিতা বড়োক কাষত লাভ কৰি ছাইৰ প্ৰশিক্ষাৰ্থী সকল আহ্লাদিত হৈ পৰে আৰু অংকুশিতাক বিপুলভাৱে আদৰণি জনায়। ছাই কমপ্লেক্সতে অংকুশিতাক বক্সিং গ্লোভ আৰু ট্ৰেকচ্যুট প্ৰদান কৰে ছাইৰ সঞ্চালক সুভাষ বসুমতাৰীয়ে । ছাই উষ্ম আদৰণি লাভ কৰাৰ পিছত অংকুশিতাই ৰিয়েলিটি বিদ্যালয়ত উপস্থিত হয়। ৰিয়েলিটি স্কুলতো ব্যাপকভাৱে অংকুশিতাক আদৰণি জনায় ছাত্ৰ ছাত্ৰীসকলে। স্কুল কৰ্তৃপক্ষই অংকুশিতাক ৫০ হাজাৰ টকাও আগবঢ়ায়।