29
Nov
2017

জাজৰিঃ বৃহত্তৰ জাজৰি অঞ্চলৰ সমাজ জীৱনৰ সৈতে সমগ্ৰ জীৱন জড়িত হৈ থকা মহৎ চন্দ্ৰ ডেকাৰ ১৮ নৱেম্বৰত মৃত্যুবৰণ কৰে৷
২৮ নৱেম্বৰত আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয়। দিনৰ ভাগত ধৰ্মীয় কাৰ্যসূচীৰ অন্তত শংকৰী কৃষ্টি-সংস্কৃতিৰ সাধক জনক শ্ৰদ্ধা জনাই অঞ্চলৰ ৰাইজৰ উদ্যোগত পৰিবেশন কৰে 'সুযোগ্য ৰজাৰ ধৰ্ম পৰীক্ষা' নামৰ অসমীয়া ভাওনা।
উল্লেখযোগ্য যে ভাওনা পৰিবেশনৰ আগে আগে প্ৰয়াত ডেকাৰ স্মৃতি সমাজ জীৱনত সজীৱ কৰি ৰাখিবলৈ সাংবাদিক ৰাহুল দেৱ বৰদলৈৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা সোঁৱৰণী গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী নোমল চন্দ্ৰ বৰাই।