29
Nov
2017

লিডুঃ যোৱা ১৯ নৱেম্বৰৰ পৰা ঘৰলৈ উভতি অহা নাই এগৰাকী যুৱতী৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত বৰগোলাই ১নং নামদাং গাঁৱৰ প্ৰয়াত শ্ববাহাদুৰ গুৰুঙৰ কন্যা সীমা গুৰুং যোৱা ১৯ নবেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে। পুৱা প্ৰাত ভ্ৰমনলৈ যোৱা অৱস্থাৰ পৰা সন্ধানহীন হৈ থকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷
সীমাৰ পৰিয়ালে মাৰ্ঘেৰিটা আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে যদিও মাৰ্ঘেৰিটা আৰক্ষীয়ে শুংসুত্ৰ উলিয়াব পৰা নাই সীমাৰ৷ প্ৰায় ৫ ফুট এক ইঞ্চিৰ উচ্চতাৰ বগা বৰণৰ তথা সলসলীয়াকৈ অসমীয়া হিন্দী বেংগলী কব পৰা ৩২ বছৰীয়া যুৱতীগৰাকীৰ কোনো সম্ভেদ পালে ৯৯৫৭১০৮২৬২, ৮৬৩৮৭০১৭৫৭ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়াল আহবান জনায়।