তুলসীবাৰীঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত ৰঙিয়াৰ হালিকুছি, বিছেন্নালাকে ধৰি বিভিন্ন অঞ্চলত কাঠফুলা খেতিৰ প্ৰসাৰৰ বাবে চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে৷ কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰই এই চেষ্টা অব্যাহত ৰাখিছে৷

ৰঙিয়াত কৃষি বিজ্ঞানী মধুস্মিতা কটকীৰ নেতৃত্বত পাঁচ দিনীয়া প্ৰশিক্ষণ প্ৰদান কৰা হয় স্থানীয় যুৱক-যুৱতী তথা মহিলা সকলক৷ ৰঙিয়াৰ হালিকুছি, বিছেন্নালা অঞ্চলত কাঠফুলা কেন্দ্ৰ স্থাপন কৰাৰ লগতে কৃষক দেৱেন কলিতাৰ নেতৃত্বত আস্থা শীৰ্ষক কাঠফুলাৰ ব্যৱসায়ৰ প্ৰতিষ্ঠান এটাও গঢ় দিয়ে৷

কেন্দ্ৰটোৰ উদ্যোগত কাঠফুলাৰ পথাৰ দিৱস উপলক্ষে অনুষ্ঠিত কাৰ্যসূচীত কৃষি বিজ্ঞানী মধুস্মিতা কটকী, ববিতা শৰ্মাৰ লগতে সমাজকৰ্মী অশ্বিনী কলিতাই সমবেত ৰাইজক কাঠফুলাৰ কৃষি পদ্ধতি সম্পৰ্কে অৱগত কৰে৷