
নলবাৰীঃ নলবাৰী টাউনত শনিবাৰে বিজেপিৰ এখন দলীয় সভা অনুষ্ঠিত হয়। বিজেপি নেতা জয়জয়ৰাম বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাত সভাত দলটোৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা উপস্থিত থাকি কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে৷ কংগ্ৰেছ দলক এতিয়া ৰাইজে মুখ কোচাই। বিগত ৭০ বছৰ ধৰি দেশ-ৰাজ্যত কংগ্ৰেছে মাথো নিজৰ উন্নয়ন-বিকাশ কৰিছে যদিও ৰাইজৰ কোনো লাভ নহল। এতিয়া দেশৰ নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন দুই চৰকাৰে ৰাইজৰ উন্নয়ণ-বিকাশৰ কাম আৰম্ভ কৰিছে।
কেন্দ্ৰীয় চৰকাৰৰ কাম কাজ দেখি চৌদিশে ৰাইজ বিজেপি মুখি হোৱাই নহয় সদ্য সমাপ্ত উত্তৰ প্ৰদেশৰ নগৰ সমিতিৰ নিৰ্বাচনত কংগ্ৰেছ দলক উৎখাত কৰিলে বুলি দোহাৰে। শৰ্মাই পুনৰ কয় যে অসমত পঞ্চায়ত নিৰ্বাচন সমাগত। গতিকে এই নিৰ্বাচনত ৰাইজে বিজেপিক ভোট দি একোখন উন্নয়নমুখী জিলা পৰিষদ, গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত গঠনৰ চিন্তা কৰক। সভাত বিজেপিৰ ৰাজ্যিক সম্পাদক অমিয় ভূঞাই উপস্থিত থাকি কংগ্ৰেছ আজি দেশৰ লগতে অসমতো নিশেষ হ’ব ধৰিছে।
পূৰ্বৰ আভুৱাঁভাৰা নীতি নিয়ম তথা ৰাইজক ফাকি উপহাৰ দিয়াৰ বাবে কংগ্ৰেছৰ এই অৱস্থা বুলি কয়। সভাত বিধায়ক অশোক কুমাৰ শৰ্মাই কয় যে কংগ্ৰেছৰ দিন উকলিল এতিয়া বুলি কৈ যোৱা সময়চোৱাত অসমৰ ৰাইজক এন আৰ চিৰ প্ৰকাশৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নকৰিলে বুলি কয়। কিন্তু এতিয়া বিজেপি এই কাম নিয়াৰিকৈ কৰিবলৈ বিচৰাত কংগ্ৰেছ, এ ইউ ডি এফ, বাওঁপন্থীকে ধৰি এচাম অপশক্তি বাধা প্ৰদান কৰাত লাগিছে বুলি অভিযোগ তুলি এয়াই এই সমূহ দলৰ চৰিত্ৰ বুলি দোহাৰে।
বিধায়ক শৰ্মাই পঞ্চায়ত নিৰ্বাচন আহিছে। এই নিৰ্বাচনত সমগ্ৰ অসমৰ লগতে নলবাৰীয়া ৰাইজে ব্যাপক ভাবে বিজেপিক সমৰ্থন কৰক আৰু কংগ্ৰেছে বিগত দিনত পঞ্চায়ত সমূহত চলোৱা দূৰ্নীতি-ভ্ৰষ্টাচাৰৰ যি অভিযোগ তাৰ জৱাব দিবলৈ আহ্বান জনায়৷ সভাত কংগ্ৰেছ দলৰ ডেৰশতাধিক নেতা-কৰ্মী, অগপৰ একশতাধিক আৰু অৰাজনৈতিক সংগঠনৰ পঞ্চাছ গৰাকী লোকে বিজেপিত যোগদান কৰে।
সভাত ৰাজ্যিক নেতা প্ৰতুল কলিতা, মৃগাংক তালুকদাৰ, নলবাৰী পৌৰসভাৰ সভানেত্ৰী বিপাশা দাস, জিলা পৰিষদৰ সভানেত্ৰী চপলা ৰাজবংশী মেধি, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, উপ-সভাপতি অপূৰ্ব শৰ্মা, সাধাৰণ সম্পাদক নিতুল ডেকা, সম্পাদক তৌফিকুল হক চৌধুৰী, কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি দত্ত, মহিলা মৰ্চাৰ জিলা সভানেত্ৰী অঞ্জনা বৰ্মন, যুৱ-নেতা প্ৰণৱ কুমাৰ ডেকা, খগেন ডেকা, ভূপেন ডেকা, শুভজিৎ মল্ল বুজৰবৰুৱা, জ্যেষ্ঠ নেতা ৰজনী বৰ্মন, পৰেশ বৰ্মন, সহস্ৰাধিক দলীয় কৰ্মী উপস্থিত থাকে।