লখিমপুৰঃ লখিমপুৰ জিলাত অবৈধ সুৰাৰ ব্যৱসায় চলি থকা বুলি অভিযোগ উত্থাপিত হৈ অহাৰ মাজতে সোমাবাৰে লখিমপুৰ আৰক্ষীয়ে ব্যাপক অভিযান চলাই সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে৷

আৰক্ষীয়ে অভিযান কালত ব্যাপক সফলতা লাভ কৰে৷ অভিযান কালত আৰক্ষীৰ জালত পৰে আঠগৰাকী লোক৷ আনহাতে তেওলোক পৰা আৰক্ষীয়ে জব্দ কৰা প্ৰায় প্ৰায় ১ লাখ টকাৰ অৰুণাচলৰ পৰা অনা অবৈধ সুৰা৷ আৰক্ষীয়ে তদন্ত অব্যাহক ৰাখিছে৷