নলবাৰীঃ তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ যুগত লাহে লাহে যেন পৰম্পৰা, লোক কৃষ্টি, সংস্কৃতি পাহৰিব ধৰিছে অসমীয়াই৷ ইতিমধ্যে বহু পৰম্পৰাগত খেল-ধেমালি, নাচ-গান অসমৰ বুকুৰ পৰা বিলুপ্ত হ’ল৷ তাৰ মাজতো যেন একাংশ লোকে লোক সংস্কৃতিক ধৰি ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে৷

অসমীয়া লোক সংস্কৃতিৰ অন্যতম আপুৰুগীয়া অংগ মহখেদা উত্সৱ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পূৱ নলবাৰী আঞ্চলিক সমিতিয়ে নলবাৰীৰ বালিলেছাত অসমীয়াৰ লোক উৎসৱ উদযাপন কৰে দেওবাৰে নিশা।

যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ যুটীয়া সম্পাদক পাৰ্থ প্ৰতীম শৰ্মা, নিৰোদ দাস, পূৱ নলবাৰী আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদক, সাংস্কৃতিক কৰ্মী হেমাংগ দত্ত সহ কেইবাজনৰ নেতৃত্বত অঞ্চলটোৰ ৰাইজে বালিলেছা গাঁৱত লোক উৎসৱ উদযাপন কৰা হয়। এক নান্দনিক দৃশ্য ৰাজিৰ মাজেৰে মহোহো খেদা গীত পৰিবেশন কৰি ৰাইজক মোহাচ্ছন্ন কৰাৰ লগতে অসমীয়া জনজীৱনৰ পৰা লুপ্ত হবলৈ ধৰা সংস্কৃতিক ধৰি ৰাখিব বুলি কব পাৰি৷