ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰত সেনাৰ জালত পৰিল তিনি সন্ত্ৰাসবাদী৷ সোমবাৰে বিয়লি সেনা-আৰক্ষীৰে সংঘৰ্ষত নিহত হয় লস্কৰ-ই-তৈবাৰ তিনি সন্ত্ৰাসবাদী৷ জানিব পৰা মতে, নিহত আটাইকেইজন সন্ত্ৰাসবাদী অমৰ নাথ যাত্ৰীৰ আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত আছিল৷

এগৰাকী সন্ত্ৰাসবাদী পলায়ণ কৰিছিল যদিও অনন্তনাগৰ মেটাৰর্নিটি হস্পিতালৰ পৰা সেনাই আটক কৰিবলৈ সক্ষম হয়৷ সংঘৰ্ষত এগৰাকী সেনা জোৱান শ্বহীদ হয়৷ সোমাবৰে বিয়লি জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাই পথত কাজিগুন্দ অঞ্চলৰ শ্ৰীনগৰ অভিমুখে গৈ থকা সেনাৰ কনভয়ত আক্ৰমণ কৰিছিল সন্ত্ৰাসবাদীৰ দলটোৱে৷

ফলত সেনাই উত্তৰ দিয়াৰ লগতে সমগ্ৰ অঞ্চল ঘেৰি লয়৷ নিশা ২টা বজালৈ এই অভিযান চলোৱাত সংঘৰ্ষত তিনিজন সন্ত্ৰাবাদীৰ মৃত্যু হয়৷ সন্ত্ৰাসবাদী কেইজনক আৰক্ষীয়ে অমৰ নাথ যাত্ৰীৰ আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত আছিল বুলি স্পষ্ট কৰে৷

নিহত সন্ত্ৰাসবাদীৰ ভিতৰত বছিৰ নামৰ এগৰাকী স্থানীয় লোকৰ লগতে আবু পৰকান নামৰ এগৰাকী পাকিস্তানৰ সন্ত্ৰাসবাদীও আছিল৷ বছিৰ নামৰ স্থানীয় লোকজনে আৰক্ষীৰ পৰা অস্ত্ৰ কাঢ়ি নিয়াৰ চেষ্টা কৰি সন্ত্ৰাসবাদী সংগঠনত যোগ দিছিল৷ নিহত আটাইকেইজন অমৰ নাথ যাত্ৰীৰ ওপৰত আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত আছিল৷ অমৰ নাথ যাত্ৰীৰ আক্ৰমণৰ ঘটনাত ৮ গৰাকী ভক্ত নিহত হোৱাৰ ৰগতে ১৯গৰাকী লোক আহত হৈছিল৷