
নগাঁওঃ নগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্র উদ্যোগত নগাঁও জিলা পুথিভঁৰালত মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে বিশ্ব ভূমি দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কেন্দ্রীয় ৰাজ্যিক ৰেল মন্ত্রী ৰাজেন গোহাঁয়ে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে দেশৰ কৃষকসকলক উদ্দেশ্যে কোৱা ভূমিৰ প্রতি ভক্তি আৰু বৈজ্ঞানিক পদ্ধতিৰে উৰ্বৰতা অক্ষুণ্ণ ৰখা বিষয়টোৰ সন্দৰ্ভত ভাষণ আগবঢ়ায়।
ভূমি স্বাস্থ্য পৰীক্ষাৰ জড়িয়তে শস্যৰ উৎপাদণ তিনি-চাৰি গুণ বৃদ্ধি কৰা আৰু ৰাসায়নিক সাৰৰ ব্যবহাৰ পৰিসীমিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সভাত আদৰণি ভাষন আগবঢ়াই অসম কৃষি বিশ্ববিদ্যালয় সম্প্রসাৰণ শিক্ষা সঞ্চালক ড০ হেমেন্দ্র চন্দ্র ভট্টাচাৰ্যই বিশ্ব ভূমি দিৱসৰ তাৎপৰ্যৰ বৰ্ণনা কৰি জৈৱিক কৃষিৰ ওপৰত গুৰুত্ব প্রদাণ কৰে। অনুষ্ঠানত বিশ্ব ভূমি দিৱসৰ লগত সংগতি ৰাখি নগাঁও জিলাৰ বিভিন্ন প্রান্তৰ পাঁচশ কৃষকৰ মাজত মাটিৰ স্বাস্থ্য প্রমাণ পত্র বিতৰণ কৰে।
বন্তি প্রজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ আঁত ধৰে ধীৰেন নাথে। নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, চিলঙণীৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্রৰ মুখ্য বিজ্ঞানী ডঃ প্রদীপ কুমাৰ দাসকে ধৰি জিলাখনৰ প্রায় সকলো বিভাগৰ মুৰব্বী বিষয়া, আঞ্চলিক কৃষি গৱেষনা কেন্দ্র আৰু কৃষি বিজ্ঞান কেন্দ্রৰ সমূহ বিজ্ঞানী আৰু কৰ্মচাৰী সহ জিলাখনৰ প্রায় সাত শতাধিক কৃষকৰ উপস্থিত থাকে৷