
ডিব্ৰুগড়ঃ ৰাজ্যৰ বাহিৰৰ নেতাই অসমলৈ আহি সাম্প্ৰদায়ীক মন্তব্য দি অহাত চিন্তিত হৈ পৰিছে ৰাজ্যৰ দল-সংগঠন৷ এন আৰ চিৰ খচৰা প্ৰকাশক লৈ ৰাজ্য উত্তাল হৈ থকাৰ মাজতে একাংশ অসম সন্দৰ্ভত ন্যুনতম জ্ঞান নথকা বহিঃৰাজ্যৰ লোকে অসমলৈ আহি সাম্প্ৰদায়ীক মন্তব্য দিয়াত ৰাজ্যৰ শান্তি ভংগৰ আশংকা কৰা হৈছে৷ কেন্দ্ৰ-ৰাজ্য চৰকাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰি অতিৰিক্ত অৰ্ধসামৰিক বাহিনী অসমলৈ প্ৰেৰণ কৰাৰ সময়তে এগৰাকী কট্টৰপন্থী নেতাৰ ভাষণে তোলপাৰ লগাইছে ৰাজ্যত৷
আৰ্শ্বাদ মাদানী, শিলাদিত্য দেৱ, এআইউডিএফ নেতা শ্বেখ শ্বাহ আলমৰ পিচতে এক অখ্যাত সংগঠন হিন্দু সংহতি মঞ্চৰ নেতা দেৱতানু ভট্টাচাৰ্য্যই শিলচৰ চহৰত এখন সভাত "হিন্দুসকলে মুছলমানৰ বিৰুদ্ধে হাতত বন্দুক তুলি ল'ব লাগে" বুলি এক সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰে৷ অসম সন্দৰ্ভত তথা অসমৰ ইতিহাস অধ্যয়ণ নকৰা লোকে এনে মন্তব্য প্ৰকাশ কৰাটো হস্যকৰ আখ্যা দিয়ে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ ডিব্ৰগড় জিলা সমিতিয়ে৷
এক বিবৃতি যোগে অসম সন্দৰ্ভত কোনো জ্ঞান নথকা পাগলেহে এনে মন্তব্য কৰিব পাৰে বুলি কয় আমছুৰ ডিব্ৰুগড় জিলা সমিতিয়ে৷ যিয়ে অসমৰ বিষয়ে অধ্যয়ণ নকৰে তেনে লোকে এনে মন্তব্য নিদিয়ে বুলি কয় সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা ছফিৰ আলম খান আৰু সভাপতি ইমতিয়াজ আলীয়ে৷ আৰ্শ্বাদ মাদানী, শিলাদিত্য দেৱ, এআইউডিএফ নেতা শ্বেখ শ্বাহ আলমৰ লগতে অখ্যাত সংগঠন হিন্দু সংহতি মঞ্চৰ নেতা দেৱতানু ভট্টাচাৰ্য্যক তীব্ৰ গৰিহণা দিয়ে সংগঠনটোৱে৷
যি সময়ত অসমৰ সকলো ৰাজনৈতিক-অৰাজনৈতিক দল সংগঠনে অসমৰ সমুহ ৰাইজলৈ শান্তি সম্প্ৰীতি অটুত ৰাখিবলৈ আহ্বান জনাইছে, ঠিক এনেকুৱা সময়ত হিন্দু সংহতি মঞ্চৰ নেতা দেৱতানু ভট্টাচাৰ্য্যৰ এই বিস্ফোৰক মন্তৱ্যই ৰাজ্যখনৰ শান্তি সম্প্ৰীতি বিঘ্নিত কৰিব পাৰে বুলিও কয়৷ অসমৰ কোনো ভাষা-সংস্কৃতি প্ৰতি জ্ঞান নথকা ব্যক্তিয়ে তৰল মন্তব্য নিদিবলৈ কঠোৰ সকিয়নি প্ৰদান কৰে ডিব্ৰুগড় জিলাৰ অামছু উপদেষ্টা ছফিৰ অালম খানে৷ অামাৰ অসম শংকৰ-অাজানৰ দেশ বুলি কৈ অামাক কিয় বিভাজন কৰিব বিচাৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে৷