
গোৰেশ্বৰঃ সেনাৰ ১০৭ নং মাউন্ট ডিভিজনৰ উদ্যোগত বুধবাৰে বাক্সা জিলাৰ গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এখন মহিলা ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়৷ অপাৰেচনৰ সদ্ভাৱনাৰ অধিনত অনুষ্ঠিত মহিলা ফুটবল প্ৰতিযোগিতাত মাজবাট আঞ্চলিক স্পৰ্টছ এছোচিয়েছন বনাম শুক্লাই চেৰফাং স্পৰ্টছ এছোচিয়েছনৰ মাজত আয়োজিত হয়।
এই ৰোমান্সকৰ খেলখনত ১-০ গ’লৰ ব্যৱধানত শুক্লাই চেৰফাং স্পৰ্টছ এছোচিয়েছনে বিজয় সাব্যস্ত কৰে। খেলৰ প্ৰথমাৰ্দ্ধৰ ২১ মিনিটত শুক্লাই চেৰফাঙৰ খেলুৱৈ বি বসুমতাৰীয়ে একমাত্র গলটো দিয়ে। খেলৰ অন্তত সেনাৰ মহিলা কল্যাণ গোটৰ অধ্যক্ষা তৃপ্তিন কুমাৰ কৌৰে খেলুৱৈ সকলক পুৰষ্কৃত কৰে।
ৰাণাৰ্চ আপ দল মাজবাট স্পৰ্টছ এছোচিয়েছনক ট্ৰফীৰ লগতে ৪০ হাজাৰ টকা প্ৰাইজ মানি আৰু বিজয়ী দলক ট্ৰফী আৰু ৭০ হাজাৰ টকা প্ৰাইজ মানি প্ৰদান কৰে। খেলখনত উপস্থিত থাকে সেনাৰ ২১ মাউন্টেইন ডিভিজনৰ জিঅ'চি মেজৰ জেনেৰেল পি এচ বেহেল, ১০৭ মাউন্টেইন ব্ৰিগেটৰ ব্ৰিগেডিয়েৰ এচ সঞ্জয়, গোৰেশ্বৰস্থিত ২১ মাহাৰ ৰেডিমেন্টৰ সেনাৰ বিষয়ববীয়াৰ লগতে বিটিচিৰ ই এম শ্যাম চণ্ডী আৰু গণেশ কছৰী।