
চৰাইদেউঃ একাংশ মানুহ সচাকৈ দানৱ হ’ল নেকি৷ একাংশ মানুহে সচাকৈ মানৱতা হেৰাই পেলাইছে নেকি৷ নিজ গৰ্ভত থিতাপি লোৱা সন্তানক কেনেকৈ দলিয়াব পাৰে মানুহে৷ নিজ সন্তানক কুকুৰ-শিয়ালক ভক্ষণ কৰিবলৈ কেনেকৈ এৰি থৈ আহিব পাৰে৷
ৰাজ পথত কেনেকৈ দলিয়াব পাৰে৷ হাবি-জংঘলত কেনেকৈ পেলাই দিব পৰা হ’ল মানুহে৷ সন্তানহীনা দম্পত্তীয়ে এটি সন্তান কামনা কৰি ডাক্তৰ কবিৰাজৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিব লগা হয়৷ আৰু একাংশ লোকে সমাজৰ পৰা তথা গ্লানিৰ পৰা বাচিবলৈ নিজ গৰ্ভত থিতাপি লোৱা সন্তানটোক পেলাই থৈ আহি আসুৰিক তৃপ্তি লয়৷ একাংশ লোকে নিশাৰ এন্ধাৰত নিজৰ কৰ্ম ঢাকিবলৈ শিয়াল-কুকুৰৰ মুখত দলিয়ায় থৈ যায় পানী কেচুৱা৷
তেনে এটি কেচুৱাৰ মৃতদেহ বৃহস্পতিবাৰে ৰাজ পথত পৰি ৰল চৰাইদেউ জিলাৰ সোণাৰি নগৰত৷ সোণাৰিৰ টাওকাক দলঙৰ সমীপত এটি পানী কেচুৱা জাবৰৰ মাজত উদ্ধাৰ হয়৷ পুৱা স্থানীয় একাংশ লোকে দলঙৰ সমীপত কেচুৱাৰ প্ৰত্যক্ষ কৰে। এটি কেচুৱাক প্ৰত্যক্ষ কৰি সোণাৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে উদ্ধাৰ কৰে পানী কেচুৱাটো৷
পুৱাই পানী কেচুৱাৰ নিঠৰ দেহ পৰি ৰয় জংঘলৰ মাজত৷ কেচুৱাটোৰ অৱশেষত মৃত্যু হয়৷ উৎসুক জনতাই জুমি জুমি চাইছে যেন সভ্য সমাজৰ হৃদয় বিদাৰক দৃশ্য৷ পোক পৰুৱাই আগুৰি ধৰা পানী কেচুৱাৰ দেহটো মানুহে জুমি জুমি চাইছে৷ একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগতো এনে ঘটনা সচাকৈ লজ্জাৰ বিষয়৷