
ডিব্ৰুগড়ঃ টাই আহোম জনগোষ্ঠীৰ জাতীয় সংগঠন সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছু আৰু টাই আহোম যুৱ পৰিষদৰ বৰপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত মে-ডাম-মে-ফি উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷
অহা ৩১ জানুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিব্ৰুগড় জিলাৰ বৰপথাৰ কোঁৱৰ গাঁৱৰ লাচিত সংঘৰ প্ৰাংগণত অনুষ্ঠিত হ'ব৷ আহোমৰ পৰম্পৰাগত ৰীতি-নীতিৰে আয়োজন কৰা অনুষ্ঠানটোৱে বিগত সময়ত উজনি অসমৰ ৰাইজৰ আদৰ বুটলিবলৈ সক্ষম হৈছে৷ ইতিমধ্যে কাৰ্যসূচী সূচাৰুৰূপে পৰিচালনা কৰিবলৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়।
আহোম জনগোষ্ঠীৰ দল-সংগঠনৰ নেতাই অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানটোত ডয়-পাটকাই আৰু ষ্টাৰ সাংস্কৃতিক দলে নতুনকৈ থাইলেণ্ড আৰু ম্যানমাৰৰ পৰা সংস্কৃতি আদান-প্ৰদান অনুষ্ঠানৰ জড়িয়তে কঢ়িয়াই অনা গীত-নৃত্য পৰিৱেশন কৰিব।
আঞ্চলিক সমিতি দুখনৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া বৃহৎ অনুষ্ঠানটোৰ বাবে ইতিমধ্যেই আহোম সংগঠনৰ নেতা-কৰ্মীসকলে শুভেচ্ছা প্ৰদান কৰাৰ লগতে সহায়ৰ হাত আগবঢ়াইছে বুলি জানিব পৰা গৈছে। আটাছুৰ আঞ্চলিক সভাপতি চাও অমৃত গগৈ আৰু টাইপাৰ সভাপতি বিকাশ বৰুৱাই অনুষ্ঠানত সহায় সহযোগ তথা ৰাইজৰ উপস্থিতি কামনা কৰে৷