বিহালীঃ বিহালী সমষ্টিৰ আগশাৰীৰ ক্ৰীড়া সংগঠন বিহালী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা ৩৯তম স্বৰ্গীয় বিৰাজ বৰা সোঁৱৰণী চূড়ান্ত ফুটবল খেলখন শুকুৰবাৰে অনুষ্ঠিত হয়। খেল খন বিহালীৰ আগশাৰীৰ ফুটবল দল জনতা ক্লাৱ আৰু নীলবাৰী একাদশৰ মাজত অনুষ্ঠিত হয়।

খেলখনত জনতা একাদশে ট্ৰাইবেকাৰৰ সহায়ত ৪-০ গ'লৰ ব্যৱধানত বিজয়ী হয়। বঁটা বিতৰণি সভাখন পৰিচালনা কৰে স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিহালী ক্ৰীড়া সন্থাৰ সভাপতি অৰুন চাহাই।

খেলখন পৰিচালনা কৰে জয়ন্ত বৰা, বসন্ত বৰা, ভাস্কৰ ভূমিজে। সভাত বঁটা সমূহ প্ৰদান কৰে বিহালী আৰক্ষী চকীৰ বিষয়া দেৱজীৱন শইকীয়া, চক্ৰধৰ বৰা আৰু যোগেন বৰাই।