প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

কাজিৰঙাঃ ৰাজ্যৰ আৰক্ষী-বন বিভাগে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি ইতিমধ্যে নগাঁও, বিশ্বনাথ জিলাত জিলাত কেইবাগাৰীক চোৰাং চিকাৰীক জালত পেলোৱাৰ সময়তে শুকুৰবাৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যত চোৰাং চিকাৰী আৰু বন কৰ্মীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী লগাৰ খবৰ পোৱা গৈছে৷

নিশা প্ৰায় ১ বজাত বন কৰ্মীয়ে পহৰা দি থকাৰ সময়তে দূৰৰ পৰা এটি চোৰাং চিকাৰীৰ দল প্ৰত্যক্ষ কৰে৷

লগে লগে চোৰাং চিকাৰীৰ দলটোৱে পহৰা দি থকা আৰক্ষী-বন কৰ্মীৰ দলটোক লক্ষ্য কৰি গুলী চালনা কৰে৷ বন কৰ্মীৰ দলটোৱে প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰে৷ প্ৰায় ২০ মিনিট সময় দুয়ো পক্ষৰ মাজত গুলীয়াগুলী লগা বুলি জানিব পৰা গৈছে৷

এই ঘটনা কাজিৰঙাৰ বুঢ়াপাহাৰত সংঘটিত হয়৷ বুঢ়াপাহাৰ বনাঞ্চলৰ দেওচুৰ এলেকাত চলিছিল গুলীচালনা। কোনো লোক হতাহত হোৱা নাই। তিনিজন চোৰাং চিকাৰীক দেখিছিল পহৰাৰত বনকৰ্মীয়ে। চোৰাং চিকাৰীৰ সন্ধানত বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে  আৰক্ষী-বন কৰ্মীয়ে।