
তেজপুৰ টাউনঃ উজনি-নামনিত বনৰীয়া তাণ্ডৱ অব্যাহত থকাৰ সময়তে দুদিন পূৰ্বে শোণিতপুৰৰ ৰঙাপৰাৰ ঘগৰা চাহ বাগিছাত উদ্ধাৰ হয় এটা হাতী কণমানি হাতী পোৱালী৷ জাকৰ পৰা ফালৰি কাটি আহি পথভ্ৰষ্ট হোৱা হাতী পোৱালিটোক বন বিভাগে চিকিৎসা কৰি সুস্থ কৰি তোলাৰ লগতে শুকুৰবাৰে কাজিৰঙালৈ প্ৰেৰণ কৰাৰ ২৪ ঘন্টা পাৰ নৌহওঁতেই শোণিতপুৰত পুনৰ উদ্ধাৰ হ'ল কণমানি হাতী পোৱালী।
অসম-অৰুণাচল সীমান্তৰ ৰঙাপৰাৰ পৰা প্ৰায় ২৮ কিঃ মিঃ নিলগৰ পাহাৰৰ দাঁতিত উদ্ধাৰ হয় হাতী পোৱালীটো৷ লাইগাঙপাৰাত গদাধৰ নৈত ওপঙি থকা কণমানি হাতীপোৱালী উদ্ধাৰ কৰি বন বিভাগে চিকিৎসাৰ ব্যৱস্থা কৰে৷ গদাধৰ নৈৰ পানীত কেইগৰাকী মান স্থানীয় মহিলাই হাতী পোৱালীটোক প্ৰত্যক্ষ কৰি বহু কষ্টৰে মৰসাহ কৰি মহিলাকেইগৰাকীয়ে হাতী পোৱালীটোক উদ্ধাৰ কৰে।
মহিলাকেইগৰাকীৰ সহযোগত হাতী পোৱালীটো উদ্ধাৰ কৰি গাখীৰ আৰু পৰ্যাপ্ত খাদ্যৰ যোগান ধৰি শুশ্ৰুষা কৰি আমাৰীবাৰীৰ বনবিভাগৰ এটি দলক খবৰ দি গটাই দিয়ে৷ ইতিমধ্যে হাতীপোৱালীটো আমাৰিবাৰীৰ বন বিভাগৰ কাৰ্যালয়ৰ লোকে উদ্ধাৰ কৰি কাজিৰঙাৰ বন্যপ্ৰাণী পুনঃ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে।