নগাঁওঃ ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে পঞ্চায়ত নিৰ্বাচনৰ বাবে উঠি-পৰি লাগিছে৷ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নগাঁও সদৰ বিধানসভা সমষ্টিটো শাসকীয় বিজেপি দলে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে৷ সোমবাৰে বেবেজীয়াত এখনি কৰ্মীসভা অনুষ্ঠিত কৰে বিজেপিয়ে৷

বিজেপিৰ খাগৰিজান মণ্ডলৰ সভাপতি বকুল শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত সভাত স্থানীয় বিধায়ক ৰূপক শৰ্মাৰ লগতে তিৱা স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য বিদ্যুৎ বৰদলৈ, বিজেপিৰ যুৱ মৰ্চাৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰণৱ বৰা, উপ-সভাপতি অনিল দাস, নগাঁও জিলা বিজেপিৰ সাধাৰণ সম্পাদক দিগন্ত ডেকা, জিলা বিজেপিৰ বিষয়-ববীয়া দিগন্ত কুমাৰ নাথ, হৰিচৰণ ডেকা, তপন বৰদলৈ, চন্দন কুমাৰ নাথ, পংকজ ডেকাকে ধৰি প্ৰায় দুই শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে৷