
কোকৰাঝাৰঃ চিৰাং জিলাৰ ৰুণীখাতা আৰক্ষী থানাৰ অন্তৰ্গত থাইকাঝোৰা গাঁংখংপাৰা গাঁৱৰ বাসিন্দা তথা টেন্টদুৱাৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ প্ৰাক্তন সভাপতি ৰূপল চন্দ্ৰ ব্ৰহ্মৰ (৪২) দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিৰাঙৰ টুক্ৰাঝাৰস্থিত ক্ৰোপ মেমৰিয়েল হস্পিতালত চিকিৎসাধীন অৱস্থাতে দেওবাৰে দুপৰীয়া প্ৰায় ১.৪৫ বজাত ৰূপল চন্দ্ৰ ব্ৰহ্মই ইহলীলা সম্বৰণ কৰাত জিলাখনত গভীৰ শোকৰ ছাঁ পৰে।
ৰূপল চন্দ্ৰ ব্ৰহ্মৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি সোমবাৰে ৰুণীখাতা বজাৰৰ ব্যৱসায়ীসকলে পুৱা ৬ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ ৬ ঘণ্টীয়া স্থানীয় বন্ধ পালন কৰে। বিভিন্ন সামাজিক আৰু শৈক্ষিক ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা ৰূপল চন্দ্ৰ ব্ৰহ্মৰ নশ্বৰদেহ গাঁংখংপাৰাৰ বাসগৃহৰ পৰা ৰুণীখাতাস্থিত টেন্ট দুৱাৰ আঞ্চলিক এবছু কাৰ্যালয়লৈ অনা হয় আৰু তাত আঞ্চলিক এবছুৰ সদস্য, কৰ্মকৰ্তা সকলকে ধৰি অজস্ৰ গুণমুগ্ধই প্ৰয়াত ব্ৰহ্মৰ প্ৰতি অন্তিম শ্ৰদ্ধা নিৱেদন কৰে।
অন্তিম শ্ৰদ্ধা নিৱেদন অনুষ্ঠানত এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰী, কোকৰাঝাৰ চি আই টিৰ বিষয়া ছাংগ্ৰাং ব্ৰহ্ম, চিৰাং জিলাৰ এবছুৰ সাধাৰণ সম্পাদক খনিন বসুমতাৰী, ৰুণীখাতা শাখা বড়ো সাহিত্য সভা, শোভাৰাম বৰগয়াৰী মহাবিদ্যালয়ৰ প্ৰৱক্তাকে ধৰি বহু সংখ্যক অনুৰাগী আৰু গুণমুগ্ধই অন্তিম শ্ৰদ্ধা নিৱেদন কৰি ব্ৰহ্মৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে। প্ৰণিধানযোগ্য যে মৃত্যুৰ আগমুহুৰ্তলৈকে ৰুপল চন্দ্ৰ ব্ৰহ্মই টেন্ট ডুৱাৰ আঞ্চলিক এবছুৰ সভাপতিৰ দায়িত্বত আছিল। মৃত্যুৰ পূৰ্বে ব্ৰহ্মই এগৰাকী পত্নী, চাৰি বছৰীয়া কণমানি সন্তানৰ লগতে অজস্ৰ গুণমুগ্ধক এৰি থৈ যায়।