11
Dec
2017

কোকৰাঝাৰঃ বিদেশী সমস্যা সমাধানৰ দাবীৰে বছৰ বছৰ ধৰি ৰাজ্যৰ উত্তাল হৈ থকাৰ সময়তে বিটিএডিৰ সদৰত ধৰা পৰিল এগৰাকী বাংলাদেশী যুৱক৷
শেহতীয়াকৈ এনআৰচিৰ খচৰা প্ৰকাশৰ বাবে ৰাজ্য চৰকাৰে তৎপৰ হৈ থকাৰ সময়তে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত দুৰামাৰী গাঁৱৰ পৰা আৰক্ষীয়ে এজন বাংলাদেশী যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ যুৱকজন আলামিন ইছলাম (১৯) বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷
যুৱকজনৰ ঘৰ বাংলাদেেশৰ মৈমনসিং জিলাৰ কানাই বৰতোলা গাঁৱত৷ পেছাত গাড়ী চালক হিচাপে কাম কৰা আলামিন ইছলাম বাংলাদেশৰ প্ৰয়াত চাজাহান আলিৰ পুত্ৰ৷ আৰক্ষীৰ ওচৰত ভাৰতীয় নাগৰিকৰ প্ৰকৃত নথিপত্ৰ দেখুৱাবলৈ সক্ষম নোহোৱাত সোমবাৰে পুৱা গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে আলামিনক৷