লিডুঃ তিনিচুকীয়া জিলাৰ লিডু ইটাখুলাত ৰেল লাইনৰ সমীপত যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। যুৱক জনৰ ৰেলৰ খুন্দাত মৃত্যু হোৱা বুলি সন্দেহ কৰা হয়৷

যুৱক জনৰ পৰিচয় এতিয়ালৈ পৰিচয় উদ্ধাৰ হোৱা নাই৷ যদিও যুৱকজন লিডুৰ ভিৰু লাইনৰ বুলি সন্দেহ প্ৰকাশ কৰে ৰাইজে।

মৃতদেহ উদ্ধাৰ কৰি ৰেল আৰক্ষীয়ে মৰোণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।